বোকাখাতত প্ৰবীন অভিনেতা নিপন গোস্বামী আৰু বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বৈশিষ্ট দেৱ শৰ্মাৰ মৃত্যুত শোকসভা আৰু শ্ৰদ্ধাঞ্জলি :

বোকাখাতত প্ৰবীন অভিনেতা নিপন গোস্বামী আৰু বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বৈশিষ্ট দেৱ শৰ্মাৰ মৃত্যুত শোকসভা আৰু শ্ৰদ্ধাঞ্জলি  : 

Aiidesh News :  27th October :

বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আজি বিয়লি নাট্যমন্দিৰ প্ৰাংগনত অসমৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ বিয়োগত এক বিশেষ শোকসভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বোকাখাতৰ মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব, ইমজা, নাট্যমন্দিৰ পৰিচালনা সমিতি, শিল্পী সমাজ, বোকাখাত মহকুমা ছাত্ৰ সন্থা,জাতীয়তাবাদী ছাত্ৰ পৰিষদ, মহকুমা কবি সন্মিলন, বেজা বৈষ্ণৱ স্মৃতি ৰক্ষা সমিতি, জেষ্ঠ নাগৰিক সন্থা , মইনা পাৰিজাত, খতিয়াখলি মহিলা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে অংশ গ্ৰহন কৰাৰ লগতে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিছবিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ উপৰিও শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

বোকাখাত নাট্যমন্দিৰৰ হৈ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভনিতেই প্ৰয়াত শিল্পী নিপন গোস্বামী আৰু বৰপেটা সত্ৰৰ প্ৰধান বৈশিষ্ট দেৱ শৰ্মাৰ বিয়োগত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ অনুষ্ঠানত জিতু শৰ্মা ৰাজখোৱা আৰু প্ৰবীন অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰে প্ৰয়াত নিপন গোস্বামীৰ অৱদান আৰু জীৱনৰ কাৰ্যাৱলীৰ বৰ্নণাকৰে ৷

******