কাজিৰঙাত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটনৰ আগমন : সোনালী বাঘ আৰু নদী পৰ্যটনে আকৰ্ষণ কৰিছে পৰ্যটকক :

কাজিৰঙাত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটনৰ আগমন  : সোনালী বাঘ আৰু নদী পৰ্যটনে আকৰ্ষণ কৰিছে পৰ্যটকক  :
Aiidesh Photo

Aiidesh News  : 7 February 2024 : 

বিগত বৰ্ষৰ ১৫ অক্টোবৰত বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে অতিক্ৰম কৰিলে চলিত পৰ্যটন বৰ্ষৰ চাৰিটা মাহ ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ১,৭৪,০০০ জন পৰ্যটকে পৰ্যটন বৰ্ষৰ চাৰিটা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন বনাঞ্চল পৰিদৰ্শন কৰে ৷ ইয়াৰ বিনিময়ত এই সময়চোৱাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ পৰা সংগ্ৰহ কৰিছে ৩.৫ কোটি টকাৰ ৰাজহ ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড০ সোনালী ঘোষে দিয়া তথ্য মতে ২০২৩ চনৰ অক্টোবৰ মাহত কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰ সংখ্যা আছিল ১৭,৬৬২ জন, নৱেম্বৰত ৪০,২৪২ জন, ডিচেম্বৰ মাহত ৬৫,০০০ জন আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫২,০০০ জন ৷ সামগ্ৰিক ভাবে চলিত পৰ্যটন বৰ্ষৰ চাৰিটা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশী বিদেশী পৰ্যটকৰ পৰিসংখ্যা হ'ল ১,৭৪,৯৪৪ জন ৷

সৰ্বাধিক পৰ্যটক অহা ডিচেম্বৰ মাহত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা ৰাজহৰ পৰিমান আছিল এক ১,৪৫ কোটি টকা ৷ সমান্তৰালকৈ চলিত বৰ্ষৰ জানুৱাৰী মাহত সংগ্ৰহ কৰিছে মুঠ ১,২১ কোটি টকাৰ ৰাজহ ৷ বিগত চাৰিটা মাহত উদ্যান কৰ্তৃপক্ষই সংগ্ৰহ কৰা মুঠ ৰাজহৰ পৰিমান হ'ল   ৩.৫ কোটি টকা ৷ উল্লেখ্য যে চলিত পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমুহ বনাঞ্চলৰ উপৰিও লাওঁখোৱা বুঢ়াচাপৰিত হাতীৰে বনাঞ্চল দৰ্শন, কলিয়াভোমাৰ দলংৰ সমীপৰ শিলঘাট আৰু বিশ্বনাথত নদী পৰ্যটনৰ সংযোজনৰ লগতে নতুন নতুন প্ৰজাতিৰ সম্ভেদ আৰু শেহতীয়াকৈ সোণালী বাঘৰ উপস্থিতি আৰু বাঘ দৰ্শনে কাজিৰঙাৰ পৰ্যটনক অন্য এক মাত্ৰা প্ৰদান কৰিছে বুলি মন্তব্য কৰে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চলক ড০ সোৱালী ঘোষে ৷ 

***********