কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহি বিলৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহি বিলৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :
Image Courtesy : ©Uttam Saikia 2020
কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহি বিলৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :

AIIDESH . NEWS DESK. 16 April : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহি বিলৰ পুৱ দিশত বনকৰ্মীয়ে এটা মৃত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে ৷  প্ৰায় তিনিদিন মানৰ আগতে ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷  মৃত বাঘটোৰ দেহৰ পিচ অংশ ইতিমধ্যেই অন্য বাঘে ভক্ষণ কৰা বুলি বনকৰ্মীয়ে জনায় ৷ বুধবাৰে বিয়লি হাতী চৰাবলৈ অহা বনকৰ্মীয়ে বাঘটোৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল ৷

আজি পুৱা মিহি বিলৰ পাৰতেই বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰা হয় ৷ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক ডা৹পানজিত বসুমতাৰী আৰু কৰবেট ফাউণ্ডেচনৰ পশুচিকিৎসক ডা৹ নবীন পাণ্ডে মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ পূৰ্ণ প্ৰাপ্ত বয়স্ক প্ৰায় ১০ বছৰীয়া মতা বাঘটো পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি মৰোনোত্তৰ পৰীক্ষাত প্ৰকাশ ৷ বাঘটোৰ পিচ অংশ টো আন বাঘে ভক্ষন কৰাটো মন কৰিবলগীয়া ৷ সাধাৰণতে বাঘে বাঘক খোৱা ঘটনা অতি বিৰল যদিও কাজিৰঙাত নিজৰ বিচৰণ ভুমিকলৈ হোৱা সংঘৰ্ষৰ বাবেই এনে ঘটনা হোৱাৰ প্ৰমান আছে বুলি জনায় কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ৷ আজি পুৱা মৰোনোত্তৰ পৰীক্ষাৰ শেষত বনবিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ কে যাদৱ , কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত মৃত বাঘটো ঘটনাস্থলীতে দাহ কৰা হয় ৷

 

************