কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিভিন্ন কাৰ্যসুচীৰে বিশ্ব জলাশয় দিৱস উদযাপন :
Aiidesh News : 2 February - 2026 :
সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলতো বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয় । পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অগৰাতলি বনাঞ্চলৰ চহলা বালৰ পাৰৰ দৰ্শনচূড়াৰ সমীপত উদযাপিত বিশ্ব জলাশয় দিৱসৰ বিশেষ কাৰ্যসুচী । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ভুমি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক আৰু এইচ চি এল ফাউণ্ডেচনৰ বিশেষ সহযোগত আয়োজিত এই বিশ্ব জলাশয় দিৱসত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চন্দ্ৰ নাথ বেজবৰুৱা বিজ্ঞান মহাবিদ্যালয় আৰু অগৰাতলি বনাঞ্চলৰ কাষৰীয় অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে কান্ধুলিমাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ ১০ গৰাকী মহিলায়ো অংশগ্ৰহন কৰে । কাজিৰঙাৰ জৈৱ তন্ত্ৰৰ অন্যতম কেন্দ্ৰ চহলা বিলৰ পাৰত আয়োজিত অনুষ্ঠানত কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশ শ্ৰীধৰণ, অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, বনবিভাগৰ অধীক্ষক গীতাঞ্জলি কলিতা, ভুমিৰ পৰিৱেশকৰ্মী উত্তম শইকীয়া, বিভাগীয় জীৱবিদ বিশ্বজিত পুজাৰী, সমাজত্বতবিদ বিপাঞ্চি তামুলী, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ পশু চিকিৎসক ড০ মোহিত নাউলা আৰু চি এন বি মহাবিদ্যালয়ৰ প্ৰবক্তা সঞ্জীৱ বৰাই অংশগ্ৰহন কৰে ।
পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত ডি এফ অ’ অৰুণ বিঘ্নেশ শ্ৰীধৰণ, বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই আৰু প্ৰৱক্তা সঞ্জীৱ বৰাই জলাশয়ৰ ভুমিকা, গুৰুত্ব, জলাশয়ৰ জৈৱতন্ত্ৰ, পাৰিপাৰ্শ্বিকতাৰ লগতে কাজিৰঙাৰ জলাশয়ৰ বিশষে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে । অনুষ্ঠানৰ পিচতেই অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক অগৰাতলি বনাঞ্চল পৰিদৰ্শন কৰোৱা হয় । পৰৱৰ্তী সময়ত চহলা বিলৰ পাৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলক অগৰাতলি বনাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই স্থাপন কৰা মেটেকাৰ পৰা কাগজ আৰু অনান্য সামগ্ৰী প্ৰস্তুত কৰা কেন্দ্ৰলৈ লৈ যোৱা হয় । এই কেন্দ্ৰত বন বিভাগৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা এক অনুষ্ঠানত স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ মহিলা সকলে চৌকাষৰ জলাশয়ৰ পৰা সংগৃহীত মেটেকাৰে বনোৱা কাগজ আৰু হস্ত শিল্পৰ সামগ্ৰীবোৰ প্ৰস্তুত কৰা কৌশল প্ৰদৰ্শন কৰে । সমাজ বিজ্ঞানী বিপাঞ্চ তামুলীয়ে মেটেকা আৰ ইয়াৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী আৰু আৰ্থিক লাভৰ বিষয়ে সবিশেষ অৱগত কৰে । অতিথি সকলে অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও জলাশয় সংৰক্ষণৰ বাবে পৰামৰ্শ আগবঢ়ায় । এই অনুষ্ঠানতে এগকন ইকুইপটমেন্ট ইন্টাৰনেচনেল লিমিটেড নামৰ কোম্পানীৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ সুবিধাৰ্থে দুখন মটৰ চাইকেল প্ৰদান কৰা হয় । ইফালে আজিৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বিশ্বনাথ বন সংমণ্ডল আৰু নগাওঁ বন সংমণ্ডলটো বিভিন্ন কাৰ্যসুচীৰে বিশ্ব জলাশয় দিৱস পালন কৰা হয় ।
***********







