আজি আন্তৰ্জাতিক প্ৰাইমেট দিৱস : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত এই দিৱস উদযাপন :
Aiidesh News : 1 September - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত, দেশৰ আগশাৰীৰ প্ৰকৃতি সংস্থা আৰণ্যক বিশেষ সহযোগত ৰাষ্ট্ৰীয় উদ্যান খনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ৰাইনোলেণ্ড পাৰ্কত আজি আন্তৰ্জাতিক প্ৰাইমেট দিৱস উদযাপন কৰা হয় । আন্তৰ্জাতিক প্ৰাইমেট দিৱসৰ আজিৰ অনুষ্ঠানত কালিয়াবৰ মহাবিদ্যালয় আৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপৰিও কাজিৰঙাৰ কাষৰীয় অঞ্চলৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় আমগুৰি চাং, আমগুৰি বাগান, পানবাৰী, ডিফলু পথাৰ, বৰভেটা আৰু ৰংগালু পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য সকলেও আজিৰ অনুষ্ঠানত অংশগ্ৰহন কৰি বান্দৰ প্ৰজাতিৰ সংৰক্ষণ আৰু এই প্ৰজাতিবোৰৰ বাসস্থান সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় লোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।
কাৰ্যসূচীৰ আৰম্ভনিতেই হোৱা পাৰস্পৰিক পৰিচয় পৰ্বৰ পিচতেই অনুষ্ঠানৰ অংশগ্ৰহণকাৰী সকলক কাষৰীয়ৰ বনাঞ্চললৈ বান্দৰ প্ৰজাতিৰ আৱাস আৰু সংৰক্ষণৰ ওপৰত ক্ষেত্ৰ ভিত্তিক সজাগতাৰ বাবে লৈ যোৱা হয় ৷ এই কাৰ্যসুচীত অংশগ্ৰহণকাৰী সকলক বান্দৰ প্ৰজাতি বিশেষকৈ হলৌ বান্দৰৰ বাসস্থান পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰজাতিটোৰ পাৰিপাৰ্শ্বিক গুৰুত্ব প্ৰত্যক্ষভাৱে বুজিবলৈ চেষ্টা কৰা হয় ।
পৰৱৰ্তী সময়ত বান্দৰ প্ৰজাতি আৰু হলৌ বান্দৰ বিষয়ক সচিত্ৰ উপস্থাপনেৰে এই প্ৰজাতি বোৰৰ আচৰণ, পৰিৱেশ তন্ত্ৰত ভূমিকা, আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয় ৷ এনিমেল কৰিডৰবোৰত হলৌ বান্দৰ বা অনান্য বান্দৰক সুৰক্ষিত ভাৱে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ বাবে ব্যৱহাৰ কপা কেন’পী ব্ৰীজ বা আকাশী দলংৰ নমুনা মৰাপাটৰ ৰচীৰে নিৰ্মান কৰি প্ৰদৰ্শন কৰা হয় ৷ এনেবোৰ দলঙে বিগত সময়ত হলৌ আৰু অনান্য বান্দৰক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰা পৰিঘটনাকো অংশগ্ৰহণকাৰী সকলৰ আগত প্ৰদৰ্শন কৰা হয় ৷
অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি জৃদেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ সঞ্চালক আৰু মুৰব্বী ড০ দিলীপ ছেত্ৰীয়ে অসমত প্ৰাইমেট পৰিস্থিতি বিজ্ঞান আৰু সংৰক্ষণ প্ৰত্যাহ্বানৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে অংশগ্ৰহনকাৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, বুঢ়াপাহাৰৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱা, কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আচিফ আহমেদ আৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সুৰজিত শইকীয়াও উপস্থিত থাকে ৷
মতবিনিময়, শৈক্ষিক মননশীল আলোচনা আৰু সামূহিক বাৰ্তালাপে আজি অনুষ্ঠানটোক শিক্ষাৰ্থীৰ লগতে অংশগ্ৰহকাৰী গাওঁবাসীৰ বাবেও অতি গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ কৰি তুলিছিল । কাজিৰঙাত প্ৰথম বাৰৰ বাবে আয়োজিত এই উদ্যোগটোৱে কাজিৰঙাৰ কেৱল ইয়াৰ অনুষ্ঠানে ৰাষ্ট্ৰীয় উদ্যানখনৰ অনান্য বন্যপ্ৰাণীৰ উপৰিও বান্দৰ প্ৰজাতিৰ বিশেষকৈ হলৌ বান্দৰৰ দৰে কম পৰিচিত কিন্তু সমানে গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ সজাগতা আৰু সুৰক্ষাৰ প্ৰচাৰৰ প্ৰতিও গুৰুত্ব আৰোপ কৰে ।
**********