বোকাখাত মহকুমাৰ খতিয়াখলিৰ নিৱাসী বয়োজেষ্ঠা মহিলা ৰহেদৈ দত্তৰ বিয়োগ :

বোকাখাত মহকুমাৰ খতিয়াখলিৰ নিৱাসী বয়োজেষ্ঠা মহিলা ৰহেদৈ দত্তৰ বিয়োগ :
Aiidesh Photo

বোকাখাত মহকুমাৰ খতিয়াখলিৰ নিৱাসী বয়োজেষ্ঠা মহিলা ৰহেদৈ দত্তৰ বিয়োগ : 

Aiidesh News : 24 August - 2023 : 

বোকাখাত মহকুমাৰ নতুন খতিয়াখলি নিৱাসী, ধৰ্মপৰায়না, বয়োজ্যেষ্ঠা আৰু বিশিষ্টা মহিলা ৰহদৈ দত্তৰ ২৩ আগষ্টত নিজৰ বাসভৱনত বার্ধক্যজনিত কাৰণত দেহাৱসান ঘটে । ৰহেদৈ দত্ত বোকাখাত মহকুমা সাংবাদিক। সংস্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তৰ মাতৃ । মৃত্যুৰ সময়ত তেওঁ পুত্র বুবুল দত্ত, বোৱাৰী বন্দনা দত্তৰ লগতে দুই জীয়ৰী আৰু ভতিজা, ভতিজী, নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে । খতিয়াখলি অঞ্চলৰ সকলোৰে প্ৰিয় পাত্ৰ, সাদৰী মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ৰহেদৈ দত্তৰ বিয়োগত বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইমজা, বোকাখাত ব্লক কংগ্ৰেছ, খতিয়াখলি লেখিকা সমাৰোহ সমিতি, খতিয়াখলি আঞ্চলিক শিল্পী সমাজ, প্রাথমিক শিক্ষক সন্মিলনী, ৰজাবাৰী নাট্য গোষ্ঠী, ৰজাবাৰী ব্ৰাহ্মণ সমাজে নশ্বৰ দেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিভিন্ন দল-সংগঠনে শোক বার্তা প্রেৰণ কৰিছে ।

******