কাজিৰঙাৰ বাগৰি বনাঞ্চলত পাৰস্পৰিক যুঁজত মৃত্যু হোৱা এটা প্ৰাপ্ত বয়স্ক ঢোকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :
Aiidesh News : 18 December - 2024 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশ্চিম বনাঞ্চল বাগৰিত আজি এটা প্ৰাপ্ত বয়স্ক মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কৰ্মৰত বনকৰ্মীয়ে বনাঞ্চলৰ গেণ্ডামাৰী বনশিৱিৰ এলেকাৰ গেণ্ডামাৰী নলাৰ উত্তৰ পাৰৰ এডৰা কাঠনিত বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়াৰ নেতৃত্ব যোৱা পশু চিকিৎসকৰ দলে ঘটনাস্থলীতে মৃত ঢোকীয়াপতীয়া বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ কাজিৰঙাৰ বনবিভাগৰ পশুচিকিৎসক ডা৹ সৌৰভ বৰগোহাঞ, ৰাজিক পশুচিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক ডা৹ নিহাৰ ওকে কৰা মৰোনোত্তৰ পৰীক্ষাত অন্য বাঘৰ সৈতে হোৱা পাৰস্পৰিক যুঁজতেই ৮ বছৰীয়া ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু হোৱা বুলি জানিব পৰা হয় ৷ মৃত বাঘটোৰ মুৰ আৰু শৰীৰৰ বিভিন্ন স্থানত অন্য বাঘে কৰা আক্ৰমনৰ চিহ্নও পোৱা হয় ৷ বিভাগীয় তথ্য মতে মৃত ঢেকীয়াপতীয়া বাঘটো কাজি ১২৬ বুলি চিনাক্ত কৰা হৈছে বুলি ডি এফ অ’ অৰুণ বিঘ্নেশে জনায় ৷ মৰোনোত্তৰ পৰীক্ষাৰ পিচত ৰাষ্ট্ৰীয় ব্যাঘ্য সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশ মতে মৃত বাঘটোক ঘটনাস্থলীতে সকলোৰে উপস্থিতি দাহ কৰা হয় ৷ উল্লেখ যে ২০১৯ চনৰ পৰা সুদীৰ্ঘ সময়ৰ ব্যৱধানত বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃত্যুৰ ঘটনা সংঘৰ্টিত হৈছে ৷
*********