বোকাখাত চিকিৎসালয়ত ৰাচিয়ান পৰ্যটক : কঁহৰাৰ বৰবিল গাওঁৰ মৰা ডিফলুৰ পাৰত বনকৰ্মীয়ে কৰায়ত্ব কৰি আৰক্ষীক অৰ্পণ কৰিছিল পৰ্যটক জনক :

Aiidesh News :  27 March - 2024 : 

বোকাখাতৰ ছহীদ কমলা মিৰি চিকিৎসালয়ত আজি এজন ৰাচিয়ান পৰ্যটকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ কঁহৰাত চিকিৎসাধীন লোকজন বোকাখাতত উপস্থিত হোৱাৰ পিচত কোনো লোকে আনি পৰ্যটক গৰাকীক বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়হি ৷ জানিব পৰা মতে নিকিতা কৰিয়াভস্কিন নামৰ ৰাচিয়ান পৰ্যটক জনক ২৪ তাৰিখৰ পুৱা কঁহৰা বনাঞ্চলৰ বৰবিল গাওঁত মৰা ডিফলু নদীৰ পাৰত বৰবিল বন শিৱিৰৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশৰ কৰা প্ৰত্যক্ষ কৰিছিল  আৰু কৰায়ত্ব কৰি কঁহৰা আৰক্ষী চকীত অৰ্পণ কৰিছিল ৷ কঁহৰা আৰক্ষীয়ে পৰ্যটক জনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি হ'ম ষ্টেত থাকিবলৈ দিছিল ৷ চিকিৎসাধীন অৱস্থাতে কঁহৰাত ঘুৰি ফুৰা ৰাচিয়ান পৰ্যটকজন আজি  আহি বোকাখাতত উপস্থিত হোৱাত স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাচিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

নিকিতা কৰিয়াভস্কিন নামৰ ৰাচিয়ান পৰ্যটক জনে জনোৱা মতে কলকতাৰ পৰা তেওঁ ২২ মাৰ্চত অসমলৈ আহে আৰু ২৪ মাৰ্চত কাজিৰঙা পায়হি ৷ ভঙা ভঙা ইংৰাজীৰে তেওঁ জনোৱা মতে বাছ আৰু পদযাত্ৰাৰে আহি তেওঁ কাজিৰঙা পায়হি ৷ বন বন্যপ্ৰাণী আৰু ব্ৰহ্মপুত্ৰ নদী চাবৰ বাবে তেওঁ বনাঞ্চলত প্ৰৱেশ কৰিছিল ৷ বনাঞ্চলত তেওঁক গঁড়ে খেদে ৷ যাৰ ফলত তেওঁ শৰীৰৰ বিভিন্ন স্থানত আঘাতো পায় ৷ ইফালে কাজিৰঙাৰ বৰবিল বনশিৱিৰৰ বনকৰ্মীৰ মতে ২৪ মাৰ্চৰ পুৱাতেই ব্ৰহ্মপুত্ৰ নহয় তেওঁ বৰবিল গাওঁৰ সীমাৰে যোৱা মৰা ডিফলু নদীত সাঁতুৰি কাজিৰঙাত সোমাবলৈ চেষ্টা কৰাৰ বাবে আটক কৰি কঁহৰা আৰক্ষীক অৰ্পণ কৰা হয় ৷ আৰক্ষীৰ জিম্মাতে কঁহৰাত চিকিৎসাধীন আজি বোকাখাতত উপস্থিত হয় ৷ আৰক্ষীয়ে সম্প্ৰতি ৰাচিয়ান পৰ্যটকজনৰ সবিশেষ উলিয়াবৰ বাবে চেষ্টা চলোৱাৰ উপৰিও ৰাচিয়ান দুতাবাসলৈ প্ৰেৰণ কৰাৰো প্ৰচেষ্টা হাতত লৈছে ৷

*********