কোৰেইন্টাইন কেন্দ্ৰত থকা বোকাখাতৰ দুজন যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি : কনটেইনমেন্ট কৰা হৈছে বাসগৃহ আৰু চুবুৰী :

কোৰেইন্টাইন কেন্দ্ৰত থকা বোকাখাতৰ দুজন যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি : কনটেইনমেন্ট কৰা হৈছে বাসগৃহ আৰু চুবুৰী :
Photo : Uttam Saikia

কোৰেইন্টাইন কেন্দ্ৰত থকা বোকাখাতৰ দুজন যুৱকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি : কনটেইনমেন্ট কৰা হৈছে বাসগৃহ আৰু চুবুৰী : 


AIIDESH NEWS.19 May : 


বোকাখাতৰ কহঁৰা থকা কোৱাৰেইন্টাইন কেন্দ্ৰৰ দুজন যুৱকৰ দেহত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ১৬ মে' পৰা কেন্দ্ৰটোত থকা যুৱক দুজনৰ কভিড পৰীক্ষাত আজি কভিড ১৯ ধৰা পৰিছে ৷ যুৱক দুজন  বোকাখাতৰ ক'লাখোৱা গাওঁৰ নিবাসী মনোৱাৰ হুছেইন আৰু বাবুল আলী বুলি প্ৰশাসনে জনাইছে । জানিব পৰা মতে যুৱক দুজনে দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত হোৱা  ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু  নিজামুদ্দিনৰ পৰা আহি বাসগৃহত উপস্থিত হোৱাৰ পাচতেই ১৬ মে' ৰ দিনা ক'লাখোৱাৰ বাসগৃহত উপস্থিত হৈছিলহি ৷ উক্ত দিনাই নিজ বাসগৃহৰ পৰাই যুৱক দুজনক বোকাখাতৰ প্ৰশাসনে আনি কহঁৰাত থকা পৰ্যটন বিভাগৰ অৰণ্য ল'জত কোৱাৰেন্টাইন কৰি ৰাখিছিল । স্বাস্থ্য পৰীক্ষাত তেওঁলোকৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাচত দুয়োজনকে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে ১৫ মে'ত ৰ দিল্লীৰ পৰা আহি শ্ৰীৰামপুৰ গেটত উপস্থিত হৈ এখন বাছেৰে নিশা চামগুৰি লৈ আহিছিল যুৱক দুজন আৰু চামগুৰিৰ পৰা এখন চুইফট ডিজাইৰ গাড়ীৰে আহি ১৬ মে' পুৱা ৯.৩০ বজাত বোকাখাতৰ বাসগৃহ পাইছিলহি ৷ তাৰ পিচতেই তেওঁলোকক কহঁৰাৰ কোৱাৰেইন্টাইন কেন্দ্ৰলৈ লৈ যোৱা হৈছিল ৷ ইফালে যুৱক দুজনৰ শৰীৰত কভিড ১৯ ধৰা পৰাৰ পিচত তেওঁলোকৰ বাসগৃহ আৰু চুবুৰীটোকে কনটেইনমেন্ট কৰিছে মহকুমা প্ৰশাসনে ৷ ইফালে বোকাখাত নগৰত থকা উদ্যোগ আৰু বানিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয় ভৱন আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসক আজিৰে পৰা কভিড ১৯ ৰ কোৱাৰেইন্টাইন কেন্দ্ৰ কৰা হৈছে ৷ লগতে কহঁৰাৰ লকচা পৰ্যটন নিৱাস আৰু ৱাহ কাজিৰঙা নামৰ ল'জকো আজিৰে পৰা কোৱাৰেইন্টাইন কেন্দ্ৰ কৰি বহি: ৰাজ্যৰ পৰা অহা লোকক ৰখা হ'ব বুলি মহকুমাধিপতি বিবেক শ্যামে জনাইছে ৷ ইতিমধ্যে বোকাখাতৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ কাৰ্যালয়ত ৩০ জন লোকক ৰখা হৈছে আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ নিৱাসত ৩০ জন মান লোকক কোৱাৰেইন্টাইন কৰা হ'ব বুলিও তেওঁ জনাইছে  ৷