কৰোণাৰ সাহাৰ্যৰ নামত ৰকিবুল হুছেইনৰ ৰাজনীতি
চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে সাহাৰ্য প্ৰদানৰ নামতো কৰিলে সস্তীয়া ৰাজনীতি, লক ডাউনৰ বাবে চামগুৰি সমষ্টিত খাদ্য সংকটত পৰা দৰিদ্ৰ ৰাইজক সাহাৰ্য বিলোৱাত ব্যস্ত ৰকিবুল হুছেইন। প্ৰত্যেক দিনাই দৰিদ্ৰ ৰাইজক আগবঢ়াইছে খাদ্য সামগ্ৰীৰ টোপোলা। আনকি বিহুৰ দিনা চিৰা,মিঠৈ,দৈ আদিও বিতৰণ কৰিছে বিধায়ক ৰকিবুল হুছেইনে। এইখিনিলৈকে প্ৰশংসনীয়া কামেই কৰিছে তেওঁ। কিন্তু ৰাহুলগান্্ধী আৰু নিজৰ ফটো সম্বলিত মোনাত সাহাৰ্য বিতৰণ কৰি বিৰ্তকত সোমাই পৰিছে বিধায়ক গৰাকী।