৫০ লাখ মাস্ক প্ৰস্তুত কৰিব খাদী আৰু গ্ৰাম্য বিভাগে

৫০ লাখ মাস্ক প্ৰস্তুত কৰিব খাদী আৰু গ্ৰাম্য বিভাগে
৫০ লাখ মাস্ক প্ৰস্তুত

কোৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ৫০ লাখ মাস্ক প্ৰস্তুত কৰাৰ লক্ষ্য হাতত লৈছে অসম খাদী আৰু গ্ৰাম্যদ্যাগ বিভাগে।ইতিমধ্যে শুদ্ধ কপাহী সূতাৰ পাঁচ লাখ মাস্ক বিতৰণ কৰিছে খাদী বৰ্ডে। ইয়াৰে ভিতৰত ষ্টেট বেংকে ক্ৰয় কৰিছে ২০ হাজাৰ মাস্ক। স্বাস্থ্য বিভাগকো বৰ্ডে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিছে। খাদী বৰ্ডৰ অধ্যক্ষ কমলা কলিতাই এই বিষয়ে মন্তব্য কৰি কয় যে '৫০ লাখ মাস্কৰ বাবে বিভাগটোৰ লগত জড়িত শিপিনী সকলে কাম-কাজ আৰম্ভ কৰিছে।সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে ৰাজ্যৰ ডেৰ হাজাৰ শিপিনী।'বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ পিছত ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে কলিতাই। আনহাতে লক ডাউনৰ ফলত বিভাগটোৱে প্ৰত্যক মাহে প্ৰায় ৫ লাখ টকাৰ লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।