ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ--১,৪৩,৩১৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰে এই সুবিধা

ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ--১,৪৩,৩১৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰে এই সুবিধা
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ শুভাৰম্ভ--১,৪৩,৩১৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰে এই সুবিধা

অসমৰ জনতাক সকাহ প্ৰদান কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ৷জনসাধাৰণে যাতে তৎক্ষণিকভাবে উপকৃত হ’ব পাৰে তাৰবাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিখনৰ শুভাৰম্ভ কৰে।ৰাজ্যৰ মুঠ ১,৪৩,৩১৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰে এই সুবিধা৷এই আচনি অধীনত ৰাজ্যৰ ১৯ ৰ পৰা ৫৯ বছৰ বয়সৰ বিধান মহিলাক যোগান ধৰা হয় পেঞ্চন৷এই সুবিধাই নিশ্চয়কৈ এই বিপদৰ সময়ত ১,৪৩,৩১৮ গৰাকী মহিলাক কিছু সকাহ প্ৰদান কৰিব৷আগন্তক তিনিমাহৰ বাবে ১২০০ টকা একেলগে হিতাধিকাৰী সকলৰ একাউন্টত জমা কৰি দিব৷প্ৰথম বাৰৰ বাবে এই আচনিত ব্যয় হয় প্ৰায় ১৭ কোটি টকা৷