কোৰোণামুক্ত অৰুণাচল প্ৰদেশ
![কোৰোণামুক্ত অৰুণাচল প্ৰদেশ](https://aiidesh.news/uploads/images/image_750x_5e993e76d1cd1.jpg)
কোৰোণামুক্ত হ’ল অৰুণাচল প্ৰদেশ। বৰ্তমানলৈ অৰুণাচল প্ৰদেশত মাত্ৰ এজন লোকৰ দেহত ধৰা পৰিছিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। চিকিৎসাধীন লোকজনৰ শেহতীয়া দুটা টেষ্টৰ ফলাফল আহিছে নিগেটিভ। এতিয়া ৰাজ্যখনত কোৰোণা ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা শূন্য।
অসমত এই মাৰাত্মক ভাইৰাছত এইপৰ্যন্ত ৩৪জন লোক আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৫জন সুস্থ হৈ উভতিছে হাস্পতালৰ পৰা। শেহতীয়াকৈ মৰিগাঁৱত দুজন লোকৰ ধৰা পৰিছে কোৰোণা পজিটিভ।