খাৰুৱা তেলৰ মূল্য ঐতিহাসিক স্তৰত হ্ৰাস
                                        
                                                    
                                
                                    
                                    AIIDESH NEWSDESK                                
                            
                        
                                                    Apr 21, 2020 12:58
                        
                                                    1360
                        
                                                    0
                                            
                    
                    
    
                    
                            খাৰুৱা তেলৰ মূল্য ঐতিহাসিক স্তৰত হ্ৰাস
                         
 
                    
    
    
        
            
            
        
        
    
                    
                        
সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট টেক্সাছত খাৰুৱা তেলৰ দাম হ্ৰাস পাই প্ৰতি বেৰেলত –৩৭.৬৩ ডলাৰ হয়। ইতিহাসত এনেকৈ তেলৰ দাম কমাৰ ৰেক’ৰ্ড নাই।  বিশ্বৰ ইতিহাসতে এই ঘটনা আগতে হোৱা নাই। অৰ্থাৎ তেল কিনিলে ওলোটাই ডলাৰ ঘুৰাই পাব!
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট টেক্সাছত তেলৰ দাম নামি যায় প্ৰতি বেৰেলত –৩৭.৬৩ ডলাৰলৈ। ইতিহাসত আগতে এনেকৈ তেলৰ দাম কমাৰ ৰেক’ৰ্ড নাই। ১৯৯৯চনৰ পিছত এই প্ৰথম আন্তঃৰাষ্ট্ৰীয় বজাৰত এনেকৈ তেলৰ দাম কমিল।বিশেষজ্ঞৰ মতে, দৰাচলতে এনেকৈ দাম পৰি যোৱাৰ অৰ্থ হৈছে বজাৰত চাহিদা নথকাৰ কাৰণে তেল জমা কৰি ৰখাৰ ঠাই কম। বিশ্বত উৎপাদনো কম হৈছে। লকডাউন, বিশ্বমন্দাৰ কাৰণে তেলৰ ভাণ্ডাৰ পূৰ্ণ হৈ গৈছে। অৱস্থা এনে হৈ পৰিছে যে কিছু দিন পিছত তেল থবলৈ ঠাই নাথাকিব, যাৰ ফলত দাম আৰু পৰি যোৱাৰ আশংকা কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সাধাৰণতে এমাহৰ পিছৰ তেলৰ দাম বৰ্তমানত নিৰ্ধাৰণ কৰা হয়। মে’ মাহত তেল বিক্ৰীৰ কাৰণে যি চুক্তি হৈছিল আজি অৰ্থাৎ মঙলবাৰে তাৰ ম্যাদ শেষ হোৱাৰ কথা। বিক্ৰেতাসকলে মে’ মাহ অৰ্থাৎ এতিয়াৰ পৰা দুসপ্তাহ পিছত যি তেল বিক্ৰী কৰিব সেয়া যদি এতিয়াই সংৰক্ষণাগাৰত ৰাখিবলৈ বিচাৰে তেনেহ’লে তেওঁলোকে তেল সংৰক্ষণৰ কাৰণে অতিৰিক্ত মূল্য ভৰিব লাগিব। এই কাৰণেই তেলৰ দাম শূণ্যৰ তললৈ কমাই তেল সংৰক্ষণাগাৰৰ খৰছ হ্ৰাস কৰাৰ চেষ্টা কৰিছে।
অৱশ্যে মঙলবাৰে এই মূল্য কিছু বৃদ্ধি পাই ০.৫৬ডলাৰ প্ৰতি বেৰেল হয়।