বোকাখাত মহকুমাৰ শতাধিক লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ : কহঁৰা চিকিৎসালয়ক কভিড চিকিৎসালয়লৈ ৰূপান্তৰ : আজিৰে পৰা কভিড চিকিৎসা আৰম্ভ :

বোকাখাত মহকুমাৰ শতাধিক লোকৰ শৰীৰত  কভিড ১৯ ৰ সংক্ৰমণ : কহঁৰা চিকিৎসালয়ক কভিড চিকিৎসালয়লৈ ৰূপান্তৰ : আজিৰে পৰা কভিড চিকিৎসা আৰম্ভ :
Photo : Uttam Saikia

বোকাখাত মহকুমাৰ শতাধিক লোকৰ শৰীৰত  কভিড ১৯ ৰ সংক্ৰমণ : কহঁৰা চিকিৎসালয়ক কভিড চিকিৎসালয়লৈ ৰূপান্তৰ : আজিৰে পৰা কভিড চিকিৎসা আৰম্ভ :


AIIDESH NEWS. 05 July  :


বিভাগীয় তথ্য মতে বোকাখাত মহকুমাত কোভিড ১৯ ৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা এতিয়া ১০২ ৷  ইয়াৰেই বেছি সংখ্যক লোক বহিৰাজ্যৰ পৰা আহি প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোক । কভিড ১৯ সংক্ৰমনৰ এই সংখ্যাই এতিয়া শংকিত কৰিছে বোকাখাতৰ জনসাধাৰণক ৷ কভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ লগতে বোকাখাত মহকুমা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৱলীৰ পাচতো একাংশ লোক , বিত্তীয় আৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মকাণ্ডই মহকুমাতোলৈ সমস্যা কঢ়িয়াই আনিছে ৷ মহকুমাটোৰ একাংশ বিত্তীয় প্ৰতিষ্ঠান, এ টি ম আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত গ্ৰাহকে সঘনাই সামাজিক দুৰত্বৰ নীতি উলংঘা কৰা দেখা গৈছে ৷ মহকুমা প্ৰশাসনে জনসাধাৰণক মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদিৰ বাবে জনোৱা আহ্বানেও এই বিত্তীয় আৰু ব্যৱসায় প্রতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী সকলৰ গা লৰাব পৰা নাই । এনে পটভুমিত বােকাখাত মহকুমাতাে গন সংক্ৰমণ আশংকা বৃদ্ধি পাইছে ৷ উল্লেখ্য যে মহকুমাটোৰ বােকাখাত আৰু কঁহৰাৰ ১৪ টা কোৱাৰেন্টাইন চেণ্টাৰত সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা ৬১ জনক লোকক ৰখা হৈছে ।  ইয়াৰ ভিতৰত কঁহৰাৰ অৰণ্য লজত ১১ জন, জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্রী নিৱাসত ৫ জন, হিন্দী হাইস্কুলত ৪১ জন আৰু চি এন বি মহাবিদ্যালয়ত ৪ জনক লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে । অন্য হাতে, কঁহৰাৰ বেজ বৈষ্ণৱ আদর্শ চিকিৎসালয়ক ৪ জুলাইৰ পৰা কভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি কভিড চিকিৎসা আৰম্ভ কৰা হৈছে ৷ সম্প্ৰতি কহঁৰাৰ এই কভিড চিকিৎসালয়ত কভিড ১৯ সংক্ৰমিত ৫ জন লোকক আজিৰে পৰা চিকিৎসা আৰম্ভ কৰা হৈছে ৷ 
ইফালে যোৱা কালি বোকাখাতৰ দুজন লোকৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে ৷ ইয়াৰে এজন গোলাঘাটৰ নিবাসী আৰু কাজিৰঙাৰ ডিৰিঙৰ এটা ভাড়াঘৰত অস্থায়ী ভাৱে থকা হিৰণ্য দত্ত আৰু আন জন ব্যক্তি হ'ল আমটেঙা গাওঁৰ নিবাসী আৰু বহিৰাজ্যৰ পৰা অহা অনুপ কুটম ৷ জানিব পৰা মতে হিৰণ্য দত্ত নামৰ লোকজনে কাজিৰঙাৰ গেলেকীৰ ‘বনভিলা' নামৰ এখন ব্যক্তিগত পর্যটন নিরাসত ব্যক্তিগত খৰচত কোৱাৰেন্টাইন হৈ আছিল । কোৱাৰেণ্টাইন হৈ থকা সময়ত স্বোৱাব পৰীক্ষাৰ ফলাফল অহাৰ পূর্বেই তেওঁ কোৰেন্টাইনৰ পৰা নীতিবৰ্হিভূত ভাৱে ওলাই আহি দিৰিঙৰ এজন লােকৰ ঘৰত ভাৰালৈ থাকিবলৈ লয় । কভিড-১৯ সংক্ৰমন প্ৰতিৰোধৰ সকলাে নীতি-নির্দেশনা অমান্য কৰি এই লোকজনে কঁহৰা বজাৰত থকা চেলুনত চুলি কটোৱাৰ লগতে এখন হোটেলেত আহাৰ গ্ৰহন কৰি কেইবাজনাে সংগীৰ সৈতে  কাজিৰঙাৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল । এই লোকজনৰ স্বোৱাব পৰীক্ষা কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰাত এতিয়া কাজিৰঙাত সন্ত্ৰাসৰ সৃষ্টি হৈছে ৷  সম্প্ৰতি কভিড ১৯ ৰ দ্বাৰা সংক্ৰমিত অনুপ কুটুম আৰু হিৰণ্য দত্তক প্ৰশাসনে কভিড ১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।