নিজামুদ্দিনলৈ যোৱা জনপ্ৰিয় কৌতুক অভিনেতা মীৰেল কুদ্দুছৰ কি আহ্বান
                        দিল্লীৰ তবলিগি জামাতৰ পৰা ঘূৰি অহা একাংশ লোকে এতিয়াও আত্মগোপন কৰি আছে। উল্লেখ্য যে, নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতৰ পৰা অসমলৈ ঘূৰি অহা ২৫জনকৈ লোকৰ দেহতে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
তাৰ মাজতে অসমীয়া চলচ্চিত্ৰৰ এসময়ৰ কৌতুক অভিনেতা মীৰেল কুদ্দুছে এক ভিডিঅ’যোগে জনালে আহ্বান। জ্যেষ্ঠ অভিনেতাগৰাকীয়ে কয়- ‘মই মীৰেল কুদ্দুছে বিনম্ৰ অনুৰোধ জনাও যে কোনো লোকে যদি যোৱা ১০ মাৰ্চৰ পাছত নিজামুদ্দিন মাৰ্কাজলৈ গৈ ঘৰলৈ উভতি আহিছে তেন্তে তেওঁলোকে যেন অতি শীঘ্ৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা প্রশাসনৰ লোকৰ সৈতে যোগাযোগ কৰে। ইয়াত ভয় কৰিব লগা বা চিন্তাৰ কোনো কাৰণ নাই। বৰঞ্চ নিজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে এনে কৰক। এই সন্দৰ্ভত প্রশাসনক সহায় কৰাতো আমাৰ সকলোৰে কৰ্তব্য। প্রশাসনৰ তৰফৰ পৰা ভাইৰাছ পৰীক্ষাৰ বাবে উন্নত ব্যৱস্থা কৰাৰ উপৰিও শুৱাৰ বাবে চাফ-চিকুণ বিচনা, উপযুক্ত খাদ্য, পানী, টাৱেল, টুথপেষ্ট, ব্ৰাছ আদি যোগান ধৰাত কোনো ধৰণৰ ক্ৰুটি কৰা নাই। কোনোৱে যাতে কোনো ধৰণৰ অসুবিধা নাপাই তাৰ কাৰণে কৰ্মকৰ্তা সকল সজাগ। … মই ২৪ মাৰ্চত লকডাউনৰ বাবে ঘৰলৈ উভতি আহিব নোৱাৰিলো। তাতে কাৰোবাৰ ঘৰত জামাতত থাকিব লগীয়া হ’ল। নলবাৰীৰ পৰা জামাতত ৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামলৈ লৈ আনে…।’ উল্লেখ্য যে, তবলিগি জামাতৰ সদস্য মীৰেল কুদ্দুছকো সৰুসজাইত ষ্টেডিয়ামত কোৱাৰেন্টাইনত ৰখা হৈছে। তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ পাছত কোৰোনা ভাইৰাছত আক্ৰান্ত বুলি জানিব পৰা গৈছে। আৰু তেওঁ চৰকাৰৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ এনেদৰে আহ্বান জনায়।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
