ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি নিৰ্বাপিত কৰা হ’ব বাঘজানৰ জুই,বাঘজানত নিহত ২ অইল কৰ্মচাৰী
AIIDESH NEWSDESK
Jun 10, 2020 06:02
938
0
- বাঘজানত নিহত দুয়োজন লোকক চিনাক্ত। লোক দুজন- তিখেশ্বৰ গোঁহাই আৰু দুৰ্লভ গোঁহাই। দুয়োজন লোকেই অইলৰ কৰ্মচাৰী।জুইৰ সূত্ৰপাত হোৱাৰ সময়তে তেওঁলোকে জাপ দিছিল পানীত। ড্ৰোণ কেমেৰাৰে তেওঁলোকৰ সন্ধান লাভ কৰা হয়।এনডিএৰএফে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি নিছে এম্বুলেঞ্চত। ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি নিৰ্বাপিত কৰা হ’ব বাঘজানৰ জুই। পানী জমা কৰাৰ বাবে এটা গাত খান্দি থকা হৈছে। সকলো লোককে ঘৰ খালী কৰি আশ্ৰয় শিবিৰলৈ নিয়া হৈছে। পাইপেৰে অনা হ’ব পানী।