ভাৰতত ৩ মে’লৈ বৃদ্ধি লকডাউন, ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ভাৰতত ৩ মে’লৈ বৃদ্ধি লকডাউন, ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
Image Courtesy : ANI

ভাৰতত ৩ মে’লৈ বৃদ্ধি কৰা হ’ল লকডাউন। আজি দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় – যেতিয়া আমাৰ দেশত কেৱল ৫৫০টা ঘটনা আছিল, তেতিয়াই ২১দিনীয়া লকডাউনৰ পদক্ষেপ গ্ৰহণ কৰিছিলো। ভাৰতে সমস্যা বঢ়ালৈ অপেক্ষা কৰা নাই। যেতিয়াই সমস্যা দেখিছিলো, তেতিয়াই ইয়াক প্ৰতিৰোধৰ বাবে প্ৰয়াস কৰিছিলো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সকলোৱে পৰামৰ্শ আগবঢ়াইছে যে লকডাউন বৃদ্ধি কৰা হওক। কেইবাখনো ৰাজ্যই পূৰ্বেই লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো পৰামৰ্শলৈ লক্ষ্য ৰাখি সিদ্ধান্ত লোৱা হৈছে যে ভাৰতত এতিয়া ৩ মে’লৈ লকডাউন বৃদ্ধি কৰিব লাগিব। ৩ মে’লৈ আমি সকলোৱে, প্ৰতিজন দেশবাসীয়ে লকডাউনতে থাকিব লাগিব। সেয়েহে আমি একেধৰণে অনুশাসন মানি চলিব লাগিব।