বোকাখাতত পথ দুৰ্ঘটনা : এগৰাকী যুৱতীৰ মৃত্যু :

বোকাখাতত পথ দুৰ্ঘটনা  : এগৰাকী যুৱতীৰ মৃত্যু  :
Collected

Aiidesh News  : 3 March 2024 : 

বোকাখাতৰ নগৰৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি বিয়লি এক পথ দুৰ্ঘটনা সংঘৰ্টিত হয় ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে একে দিশেৰে গৈ থকা এখন স্ক্ৰপিঅ' গাড়ীয়ে এখন বুলেটত মটৰ চাইকেলত খুন্দা মাৰে ৷ ফলত বুলেটত বহি যোৱা এগৰাকী যুৱতী পথৰ ওপৰতে বাগৰি পৰে ৷ ঘটনাৰ সময়ত একে দিশেৰে আহি থকা পোহনীয়া ম'হ কঢ়িয়াই অনা AS 25 C 6572 নম্বৰৰ ট্ৰাকখনে পথৰ ওপৰত পৰি ৰোৱা যুৱতী গৰাকীক মহতিয়াই নিয়ে ৷ ফলত থিতাতে মৃত্যু হয় যুৱতী গৰাকীৰ ৷ নিহত যুৱতী গৰাকী বোকাখাত পানবাৰী আদৰ্শ জনজাতি গাঁৱৰ ৰশ্মিৰেখা দাস বুলি জানিব পৰা গৈছে ৷ লোকপ্ৰিয় দত্ত নামৰ যুৱকজনৰ সৈতে বোকাখাত নগৰৰ পৰা বুলেটত উঠি পানবাৰীৰ ঘৰলৈ গৈ আছিল যুৱতীগৰাকী ৷ দুৰ্ঘটনা সংঘটিত কৰা স্ক্ৰপিঅ'খনৰ সন্ধানত বোকাখাত আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে ৷

********