লকডাউন ভংগ কৰাৰ বাবেই নাইজেৰিয়াত ১৮জনক গুলীয়াই হত্যা
                        নাইজেৰিয়াত  লক ডাউনৰ নিয়ম ভংগ কৰা লোকৰ ওপৰত আৰক্ষীয়ে চলালে গুলী। এতিয়ালৈকে ১৮জন লোকৰ মৃত্যু হৈছে আৰক্ষীৰ গুলীত। এই সংখ্যা দেশখনত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ অধিক। নাইজেৰিয়াত কোৰোণা ভাইৰাছত এতিয়ালৈকে ১৩জন লোকৰ মৃত্যু হৈছে।
এক ৰিপ’ৰ্টত ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগে কয় যে নাইজেৰিয়াৰ ২৪খন ৰাজ্যৰ পৰা নিৰাপত্তাৰক্ষীয়ে মানৱ অধিকাৰ উলংঘন কৰা ঘটনাৰ ১০৫খন অভিযোগ পত্ৰ আহিছে। অৱশ্যে চৰকাৰৰ মতে এতিয়ালৈকে আৰক্ষীৰ গুলীত ১২জন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে নাইজেৰিয়াত ৩০ মাৰ্চৰ পৰা লকডাউন অব্যাহত আছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
