ৰাজ্যপাল তথা প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগত
                        বিহাৰ, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দেৱানন্দ কোঁৱৰৰ বিয়োগ ঘটিছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট ৰাজনৈতিকজনৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰি। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। কংগ্ৰেছৰ এটা সময়ৰ শক্তিশালী নোতা দেৱান্ন্দ কোঁৱৰে শিৱসাগৰৰ থাওৰা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। পৰ্ৱতীসময়ত হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত আইন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। জীৱনৰ অন্তিম সময়তখিনিত বদৰউদ্দিন আজমলৰ এ আই ডি ইউ এফ দলত যোগদান কৰিছিল।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
