কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমনত বনকৰ্মী আহত : চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমনত বনকৰ্মী আহত :  চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ :
Aiidesh Photo

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমনত বনকৰ্মী আহত :  চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ : 

Aiidesh News : 27 March 2023 :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আজি বিয়লি গঁড়ৰ আক্ৰমনত এজন বনকৰ্মী গুৰুত্বৰভাৱে আহত হয় ৷ অগৰাতলি বনাঞ্চলৰ  দেৱেশ্বৰী আৰু হাতীচ'ৰা নামৰ বন শিৱিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰত এখন যন্ত্ৰচালিত নাঁৱত থকা ভ্ৰাম্যমান বনশিৱিৰত কৰ্মৰত ৰবীন পেগু নামৰ অস্থায়ী বন কৰ্মীজনে লগৰ দুজন সতীৰ্থ বনকৰ্মীৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ পীৰে পাৰে দেৱেশ্বৰী আৰু হাতীচৰা বনশিৱিৰৰ মাজৰ বনাঞ্চলত পহৰা দি থাকোতে পোৱালী থকা এজনী গঁড়ে বনকৰ্মী দলটোক আক্ৰমন কৰে ৷

গঁড়ৰ আক্ৰমনৰ পৰা সতীৰ্থ দুই বনকৰ্মী পলাই সাৰে যদিও ৰবীন পেগু গঁড়ৰ আক্ৰমনত গুৰুত্বভাৱে আহত হয় ৷ গঁড়ে বনকৰ্মীজনৰ ভৰি আৰু পেটৰ উপৰিও শৰীৰ বিভিন্ন স্থানত আক্ৰমন কৰে ৷ গুৰুত্বৰ ভাৱে আহত ৰবীন পেগুক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ততাতৈয়াকৈ গুৱাহাটীৰ এপ'ল চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ গঁড়ৰ আক্ৰমনত আহত হোৱা অস্থায়ী বনকৰ্মী ৰবীন পেগুৰ ঘৰ বোকাখাতৰ আমটেঙাত বুলি জানিব পৰা গৈছে ৷

*********