অৱেশষত মাজুলীত চলিল ফেৰী

অৱেশষত মাজুলীত চলিল ফেৰী
মাজুলীত চলিল ফেৰী

অসম চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্রিলত ইপাছৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলক স্বগৃহলৈ যোৱাৰ সুবিধা প্রদান কৰাৰ কার্যকৰী ব্যৱস্থা হিচাপে যোৰহাট জিলা প্রশাসনে নিমাতীঘাটৰ পৰা ফেৰী চলোৱাৰ বিপৰীতে দেওবাৰে মাজুলীৰ পাৰৰ পৰা ফেৰী চলাইছে মাজুলী জিলা প্রশাসনে৷ কভিড১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে যোৱা ২১ মার্চত মাজুলীনিমাতী ফেৰী সেৱা বন্ধ কৰি দিছিল মাজুলী জিলা প্রশাসনে৷ কিন্তু ইপাছৰ জৰিয়তে তিনি দিন বিভিন্ন জিলাৰ পৰা অহাযোৱাৰ ব্যৱস্থা কৰিছিল চৰকাৰে৷ ১ মাহ ৬ দিনৰ মূৰত এনেদৰে তিনি দিনৰ বাবে ইপাছ থকাসকলক লৈ চলিছে মাজুলীনিমাতী ফেৰী সেৱা ।