কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল আৰু বোকাখাত - কাৰ্বি আংলংক কেন্দ্ৰ কৰি কাষৰীয় পৰ্যটন ব্যৱসায়ীক লৈ অগৰাতলি হোটেল এচ'চিয়েচন নামৰ সংগঠনৰ জন্ম :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল আৰু বোকাখাত - কাৰ্বি আংলংক কেন্দ্ৰ কৰি কাষৰীয় পৰ্যটন ব্যৱসায়ীক লৈ অগৰাতলি হোটেল এচ'চিয়েচন নামৰ সংগঠনৰ জন্ম  :
Aiidesh Photo

Aiidesh News : 4 December  2023  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চৰ কাষৰীয় আৰু বোকাখাত অঞ্চলত গঢ়ি উঠা সমুহ পৰ্যটন আৱাস, অতিথিশালা আৰু ৰিজৰ্ট আদি গোটবোৰৰ প্ৰতিনিধিৰ দ্বাৰা আজি অগৰাতলি হোটেল এচ'চিয়েচন নামৰ এটা সংগঠন গঢ়ি তোলা হয় ৷ বোকাখাতৰ টিচক’ নামৰ হোটেলৰ সভা কক্ষত আজি বিয়লি জেষ্ঠ সাংবাদিক পৰিবেশকৰ্মী উত্তম শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত এখন সভাত এই সংগঠনৰ গঠন কৰা হয় ৷ সভাখনত বিশিষ্ট ব্যৱসায়ী সমাজ কৰ্মী অনিমেষ শইকীয়া, টিচক’ ৰিজৰ্টৰ তৰুন হাজৰিকা, পদ্মাৱতী হোম ষ্টেৰ ডালিম কলিতা, কুকুন ৰিজৰ্টৰ প্ৰনৱ দলেৰ উপৰিও অগৰাতলি অঞ্চলৰ পৰ্যটন উদ্যোগত জড়িত চানি সিং ভাট্টি, ৰঞ্জিত কলিতা, ট্ৰিবেল নাথ, মনজিত বৰাকে আদিকৰি সকলো উদ্যোগী ব্যক্তি উপস্থিত থাকে ৷ পেডি চেড নামৰ ৰিজৰ্টৰ অংগন বৰদলৈ আৰু মঞ্জিল মানস বৰাৰ আহ্বানত আয়োজিত এই সভাত ডালিম কলিতাক সভাপতি, ৰঞ্জিত কলিতা আৰু চানি সিং ভাট্টিক উপ সভাপতি, অংগন বৰদলৈ আৰু শংকু হাজৰিকাক যুটীয়া সম্পাদক আৰু মঞ্জিল মানস বৰাক সহকাৰী সম্পাদক হিচাবে নিৰ্বাচিত কৰি অগৰাতলি হোটেল এচ'চিয়েচন, পুৱ বনাঞ্চল,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামক সংগঠনটোৰ জন্ম দিয়া হয় ৷ 

সভাত সৰ্ব সন্মতি ক্ৰমে উত্তম শইকীয়া, অনিমেষ শইকীয়া, বিজন বৰা, দেবেন শইকীয়া, প্ৰনৱ দলে, পিঙ্কু বৰা, গৌতম শইকীয়া আৰু সোন ফাংচুক গোটটোৰ উপদেষ্টা হিচাবে মনোনিত কৰে ৷ নৱ গঠিত সমিতিয়ে পৰৱৰ্তী বৈঠকত সন্থাৰ নিয়মাৱলী, প্ৰতিক চিহ্ন আৰু পুৰ্নাগ ৰূপত সমিতিখন গঢ়ি তোলাৰ বাবে আজিৰ সভাত সিধান্ত গ্ৰহন কৰে ৷ কাৰ্যত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱৰ দুৱাৰ অগৰাতলিক কেন্দ্ৰ কৰি কাষৰীয় কাৰ্বি আংলংক সামৰি পৰ্যটনৰ প্ৰসাৰ আৰ নিৱনুৱা যুৱক যুৱতীৰ লগতে চৌকাষৰ গাওঁবাসীক পৰ্যটনত জড়িত কৰি সংস্থাপন দিয়াৰ লগতে অঞ্চলটোত গ্ৰাম্য পৰ্যটন আৰু পৰিৱেশ পৰ্যটন বিকাশত গুৰুত্ব প্ৰদান  কৰি কাম কৰাৰ বাবে সভাত সিধান্ত গ্ৰহন কৰা হয় ৷

*********