লকডাউনত ২১ কোটি টকাৰ মাছ বিক্ৰী

লকডাউনত ২১ কোটি টকাৰ মাছ বিক্ৰী
২১ কোটি টকাৰ মাছ

মাছ বিক্ৰীৰে অসমত মীন বিভাগে অভিলেখ ৰচিছে৷লকডাউনৰ মাজতে প্ৰায় ২১ কোটি টকাৰ মাছ বিক্ৰী হৈছে বুলি মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰিছে৷মন্ত্ৰীগৰাকীয়ে কয় যে," অহা চাৰি মাহলৈ বাহিৰৰ মাছ নাহিলেও এতিয়াৰ দৰতে অসমত মাছ উপলব্ধ হব৷প্ৰায় ৪৫০০ ভেণ্ডৰে মাছ বিক্ৰীৰ দায়িত্ব লাভ কৰিছে।মাছ উৎপাদনত অসম এতিয়া স্বাৱলম্বী৷"