দিল্লীৰ গাজিপুৰৰ কৃষক আন্দোলনত অসমৰ বাটৰ নাট অজেয় কৃষক :

দিল্লীৰ গাজিপুৰৰ কৃষক আন্দোলনত অসমৰ বাটৰ নাট অজেয় কৃষক  :
Aiidesh Photo

দিল্লীৰ গাজীপুৰৰ কৃষক আন্দোলনত অসমৰ বাটৰ নাট অজেয় কৃষক  :


Aiidesh News  :  11 October  :


দিল্লীত চলি থকা কৃষক আন্দোলনত অংশ গ্ৰহন কৰে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘই ৷ দিল্লীৰ গাজীপুৰত উপস্থিত হৈ জীপাল নামৰ সংগঠনটোয়ে কৃষক আন্দোলনৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়োৱা তথা অসমৰ কৃষকৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পৰাকৈ দিল্লীৰ কৃষক আন্দোলনৰ নেতৃবৰ্গ আৰু কেইবাখনো ৰাজ্যৰ কৃষক সংগঠণৰ লগত আলোচনাত মিলিত হয় ৷ 


কৃষক আন্দোলনত অংশ গ্ৰহন কৰাৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘৰ আঠ জনীয়া গণ সাংস্কৃতিক বাহিনীয়ে গাজীপুৰৰ অস্থায়ী কৃষক চাউনিৰ মুক্তাঞ্চলত পৰিৱেশন কৰে অজেয় কৃষক" নামৰ এখন বাটৰ নাট ৷ কৃষক নেতা তথা গণ সাংস্কৃতিক কৰ্মী সোনেশ্বৰ নৰহৰ পৰিকল্পনা আৰু কবি সাংবাদিক পল্লৱ হাজৰিকাৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশন কৰা হয়  এই বাটৰ নাট  ।
কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতি আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ পটভুমিত কৃষকৰ সমস্যাক  প্ৰতিফলিত কৰা হয় এই বাটৰ নাটখনত । নাটখনত জীপাল গণ সাংস্কৃতিক বাহিনীয়ৰ বিজু চাওতাল, ভৰত চাহু, দেৱ পেগু, পুতুল নৰহ আৰু পল্লৱ হাজৰিকাই  অভিনয় কৰে । সংগীত- দ্ৰোণ পাটগিৰি আৰু অমিৰ কৰ্মকাৰৰ আৰু পৰিৱেশনা সহায়ক হিচাপে আছিল মেহনুৰ নুৰী আৰু নেশ্যনেল এলায়েন্স অৱ পিপুলছ ম'ভমেণ্টৰ গাজিপুৰৰ সমন্বয়ক সুৰেন্দ্ৰ কুমাৰ ।


দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সংগঠন সমুহৰ প্ৰতিনিধি উপস্থিত থকা গাজিপুৰৰ  মুকলি মঞ্চৰ চৌহদত পৰিৱেশিত হোৱা এই নাটখনে দিল্লীৰ কৃষক আন্দোলত দেশৰ কৃষক ৰাইজক অধিক শক্তিশালী ৰূপত সংগঠিত হোৱাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে উপস্থিত কৃষক সংগঠন  সমুহৰ প্ৰতিনিধিসকলে । অসমৰ নাট্যকৰ্মী সকলে পৰিবেশন কৰা এই নাটকখনে আমাক অভিভুত কৰাৰ লগতে দেশৰ বাবেই এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ৷ ই কৃষক আন্দোলনৰ শক্তিবৃদ্ধি কৰাত নিশ্চিত ভাৱেই সহায় কৰিব বুলি মন্তব্য কৰে অখিল ভাৰতীয় প্ৰগতিশীল মহিলা সংঘৰ নেত্ৰী মালা দেৱীয়ে ৷ 

*********