বানপানী আগলি বতৰা দিব পৰাকৈ বোকাখাতৰ ধনশিৰিমুখত স্থাপন হ'ব কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন : উপকৃত হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নদীপৰীয়া অঞ্চল :

বানপানী আগলি বতৰা দিব পৰাকৈ বোকাখাতৰ ধনশিৰিমুখত স্থাপন হ'ব কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন  : উপকৃত হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নদীপৰীয়া অঞ্চল :
Aiidesh Photo
বানপানী আগলি বতৰা দিব পৰাকৈ বোকাখাতৰ ধনশিৰিমুখত স্থাপন হ'ব কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন  : উপকৃত হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু নদীপৰীয়া অঞ্চল :

Aiidesh News : 10 October 2023  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বানপানীৰ আগতীয়া জননী দিব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱ সীমাৰ ধনশিৰিমুখত স্থাপন হ'ব কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন ৷ বোকাখাতৰ ধনশিৰিমুখত স্থাপন হ'ব লগা এই লেভেল ষ্টেচনে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আগতীয়া তথ্য দিবলৈ সক্ষম হ'ব ৷ ধনশিৰিমুখৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলুমুখ বনশিৱিৰতো কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন স্থাপন হ'ব ৷ এই উদেশ্যে কেন্দ্ৰীয় জল আয়োগৰ উজনি ব্ৰহ্মপুত্ৰ সংমণ্ডলৰ বিষয়া অভিজিত খাচীৱালে আজি এটা বিশেষজ্ঞৰ দল লৈ বোকাখাতৰ ধনশিৰিমুখ পৰিদৰ্শন কৰাৰ উপৰিও কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষৰ সৈতেও আলোচনাত মিলিত হয় ৷ বোকাখাতত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ সম্পৰ্কত সুদীৰ্ঘ দিন কাম কৰি অহা পৰিবেশ কৰ্মী , বিশিষ্ট সাংবাদিক উত্তম শইকীয়াৰ সৈতেও বিষয়া গৰাকীয়ে আলোচনা কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰে ৷

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্থিতি নিৰূপনৰ বাবে বোকাখাতৰ ধনশিৰিমুখত অস্থায়ী ভাৱে স্কেল স্থাপন কৰি পৰবৰ্তী সময়ত স্থায়ী লেভেল ষ্টেচন নিৰ্মান কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় জল আয়োগৰ বিষয়া অভিজিত খাচীৱালে ৷ উল্লেখ যে কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলত বানপানীৰ আগতীয়া জাননীৰ বাবে কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টেচনৰ প্ৰয়োজন আছিল ৷ সম্প্ৰতি ধনশিৰিমুখৰ মথাউৰীৰ গাতে জল সম্পদ বিভাগে সংস্থাপন কৰে স্কেলৰ সহায়ত বিভাগটোয়ে জলস্থিতি জুখি আহিছিল ৷ জল সম্পদৰ এই তথ্য কেন্দ্ৰীয় জল আয়োগে অনুমোদিতও কৰা নাছিল ৷ 

ডিব্ৰুগড়ৰ পিচত নিমাতীঘাট আৰু তেজপুৰতহে কেন্দ্ৰীয় জল আয়োগৰ অনুমোদিত লেভেল ষ্টচন আছে ৷ নিমাতীঘাটৰ পিচত তেজপুৰলৈকে প্ৰসাৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিৰূপন কৰিব পৰাকৈ কোনো বিজ্ঞান সন্মত ব্যৱস্থা নাছিল ৷ যাৰ বাবে ধনশিৰিমুখত থকা জল সম্পদ বিভাগৰ সাধাৰণ স্কেলডালৰ ওপৰতেই কাজিৰঙাৰ বান পৰিস্থিতিত জলপৃষ্ঠৰ স্থিতি নিৰ্ভৰ কৰিছিল ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ স্থিতি নিৰূপণৰ বাবে ধনশিৰিমুখত কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন স্থাপন হলে অদুৰ ভৱিষ্যতে বিজ্ঞান সন্মতভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও কাষৰীয় অঞ্চল আৰু বোকাখাতৰ নদীপৰীয়া অঞ্চলৰ বাবে বানপানীৰ আগজাননী সম্ভৱ হৈ উঠিব বুলি জল আয়োগে জানিবলৈ দিছে ৷ উল্লেখ্য যে অৰুণাচলৰ চিয়াংকে ধৰি প্ৰায়বোৰ নদীৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ সবিশেষ তথ্য দিব পৰাকৈ অৰুণাচলৰ টুটিং, ইনকিয়ং, পাচিঘাট আৰু উজনি অসমৰ ডিব্ৰুগড়, নিমাতীঘাট, নুমলীগড় আৰু তেজপুৰত কেন্দ্ৰীয় জল আয়োগৰ লেভেল ষ্টেচন আছে ৷

*******