হাতী মানুহৰ সংঘাত প্ৰধান নামনিৰ তিনি জিলাত আৰণ্যকৰ উদ্যোগত চিহ্ন আৰু সংকেত ফলক স্থাপন :

হাতী মানুহৰ সংঘাত প্ৰধান নামনিৰ তিনি জিলাত আৰণ্যকৰ উদ্যোগত চিহ্ন আৰু সংকেত ফলক স্থাপন :
Aaranyak
হাতী মানুহৰ সংঘাত প্ৰধান নামনিৰ তিনি জিলাত আৰণ্যকৰ উদ্যোগত চিহ্ন আৰু সংকেত ফলক স্থাপন :
হাতী মানুহৰ সংঘাত প্ৰধান নামনিৰ তিনি জিলাত আৰণ্যকৰ উদ্যোগত চিহ্ন আৰু সংকেত ফলক স্থাপন :

Aiidesh News  : 7 December - 2024 :  

মানুহ আৰু হাতীৰ সংঘাত প্ৰশমনৰ বাবে অব্যাহত ৰখা বিভিন্ন পদক্ষেপৰ অংশহিচাপে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াৰ এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত বিগত দুটা মাহত ৰাজ্যৰ ওদালগুৰি, বাক্সা আৰু তামুলপুৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ স্থানত একাধিক চিহ্নফলক স্থাপনৰ কাম সম্পূৰ্ণ কৰিছে ।  এই চিহ্ন ফলকবোৰে মানুহ - হাতীৰ সংঘাত প্ৰভাৱিত অঞ্চলসমূহত সজাগতা আৰু সুৰক্ষা বৃদ্ধিৰ লগতে মানুহ আৰু বন্যহস্তীৰ সহাৱস্থানৰ বাবে সজগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে ।

হস্তী সংৰক্ষণ নেটৱৰ্কৰ সদস্য, স্থানীয় লোক আৰু বন বিভাগৰ পৰামৰ্শৰ ভিত্তিত আৰু ক্ষেত্ৰ অধ্যয়ন আৰু অন্যান্য তথ্যৰ আধাৰত চিনাক্ত কৰা হস্তীদণ্ডিৰ নিৰ্দিষ্ট স্থানত এই চিহ্ন ফলকবোৰ স্থাপন কৰা হৈছে বুলি আৰণ্যকৰ সুত্ৰত প্ৰকাশ । অঞ্চল সমূহৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যতাৰ সৈতে সংগতি ৰাখি আৰু বৃহত সংখ্যক লোকক স্পৰ্শ কৰিব পৰাকৈ ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত এই চিহ্ন আৰু সংকেত ফলকবোৰ প্ৰস্তুত কৰা হৈছে ।

মনদীপ বসুমতাৰী, অভিজিত শাইকীয়া, বিকাশ টোছা আৰু প্ৰদীপ বৰ্মনক লৈ গঠিত আৰণ্যকৰ এটা দলে স্থানীয় লোকৰ সহায়ত এই চিহ্নফলক স্থাপনৰ কাম সম্পন্ন কৰিছে ।  এই চিহ্ন আৰু সংকেত ফলকবোৰে স্থানীয় লোক আৰু ভূটানৰ পৰা অহা লোককে ধৰি সকলো ভ্ৰমণকাৰীক সংবেদনশীল অঞ্চলবোৰত সাৱধানতা অৱলম্বন কৰাত সহায় কৰিব বুলি আৰণ্যকে জনাইছে । আগতীয়া সতৰ্কীকৰণে বন্যহস্তীৰ সৈতে মানুহৰ আকস্মিক মুখামুখি হোৱাৰ ঘটনা যথেষ্ট হ্ৰাস কৰে বুলি বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত  হৈছে । মানুহক আগতীয়াকৈ সতৰ্ক কৰাৰ লগতে এই ব্যৱস্থাই স্থানীয় লোকসকলক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আৰু হস্তীদণ্ডিৰ পাৰিপাৰ্শ্বিক গুৰুত্বৰ বিষয়ে সোঁৱৰাই দিয়াৰো কাম কৰে ।

এই চিহ্ন আৰু সংকেট ফলক স্থাপনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ বাবে আৰণ্যকে স্থানীয় লোকসকলক লৈ এলানি সজাগতামূলক আৰু মত-বিনিময় কাৰ্যসূচীৰো আয়োজন কৰে । এই কাৰ্যসূচীলানিত চিহ্নফলকৰ স্থাপনে কিদৰে বিপদৰ আশংকা হ্ৰাস, জীৱন ৰক্ষা আৰু জীৱিকা সুৰক্ষিত কৰে তাৰ ওপৰত আলোকপাত কৰা হয় । চিহ্ন ফলকৰ স্থাপনেই হাতী মানুহৰ  সংঘাতৰ একমাত্ৰ সমাধান নহয় যদিও এই ব্যৱস্থাই হাতীৰ আৱাসভূমিৰ পুনৰোদ্ধাৰ, মানুহৰ বিকল্প জীৱিকা কাৰ্যসূচী আৰু পশুৱে খাদ্য হিচাপে গ্ৰহণ নকৰা শস্যৰ খেতিৰ বাবে উদগনিকে ধৰি মানুহ আৰু হাতীৰ সহাৱস্থানৰ বৃহত্তৰ ৰণকৌশলৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰে ।

********