কাজিৰঙাৰ বুঢ়াপাহাৰ আৰু হালধিবাৰী এনিমেল কৰিডৰত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আৱৰ্জনা পৰিস্কাৰ অভিযান :

Aiidesh News  : 3 May - 2024  :

সাম্ভাব্য বানপানীৰ বাবে সাঁজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল কৰিডৰ বোৰত যাত্ৰী আৰু যানবাহনৰ পৰা পেলায় যোৱা আবৰ্জনাবোৰ পৰিস্কাৰ কৰাৰ অভিযান চলাইছে কৰ্তৃপক্ষই ৷ ইতিমধ্যেই ২৭ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰী এনিমেল কৰিডৰ পৰিস্কাৰ অভিযান সম্পুৰ্ণ কৰাৰ পিচত আজি কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু কঁহৰা বনাঞ্চলৰ হালধিবাৰী এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰৰ অভিযানো  সম্পন্ন কৰিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কাষৰীয় অঞ্চলৰ মহাবিদ্যালয় সমুহৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ছাত্ৰ ছাত্ৰী সকলৰ সহযোগত প্ৰতি বছৰৰ দৰে এইবাৰো এই অভিযান চলোৱা হয় ৷ 

আজি বুঢ়াপাহাৰ বনাঞ্চলৰ এনিমেল কৰিডৰৰ আৱৰ্জনা পৰিস্কাৰ অভিযানত কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা আৰু এন চি চিৰ মুঠ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যাপক অংকুৰ শইকীয়া আৰু অধ্যাপক দিলীপ কুমাৰ সোনোৱালৰ নেতৃত্বত অংশ গ্ৰহন কৰাৰ বিপৰীতে কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ মুঠ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যাপক ৰেবত মহন্ত আৰু অধ্যাপক ময়ুৰী গগৈৰ নেতৃত্বত অংশ গ্ৰহন কৰে ৷ মহাবিদ্যালয় দুখনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলোৱা এই অভিযানত প্ৰকৃতি সংগঠন আৰণ্যক আৰু কৰবেট ফাউণ্ডেচনেৰ লগতে বনকৰ্মী সকলেও  সহযোগিতা আগবঢ়ায় ৷

এই উপলক্ষে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰাংগণ আৰু হালধিবাৰীত আয়োজিত বিশেষ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতিৰঞ্জন গগৈ, বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱা, বাগৰি বনাঞ্চলৰ সহযোগী বনাঞ্চলিক বিষয়া চয়নিকা বৰ্মন উপস্থিত থাকে ৷ বুঢ়াপাহাৰ আৰু হালধিবাৰী এনিমেল কৰিডৰত আজি চলোৱা এই আৱৰ্জনা পৰিস্কাৰ অভিযান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হৈ পৰিচালনা কৰে গীতাঞ্জলি কলিতা, প্ৰদীপ গোস্বামী, তৰুণ গগৈ আৰু উত্তম শইকীয়াই ৷ বেচৰকাৰী সংগঠনৰ হৈ আৰণ্যকৰ আৰিফ হুছেইন আৰু কৰবেট ফাইণ্ডেচনৰ সমন্বয়ক দিব্যজ্যোতি শইকীয়াইয়ো সহযোগিতা আগবঢ়ায় ৷

উল্লেখ্য যে ইয়াৰ পুৰ্বতে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে যোৱা ২৭ এপ্ৰিলৰ দিনা পানবাৰী এনিমেল কৰিডৰত আৱৰ্জনা পৰিস্কাৰ অভিযান চলাইছিল ৷ এই অভিযানৰ জড়িয়তে বন্যপ্ৰাণীয়ে ব্যৱহাৰ কৰা কৰিডৰ বোৰ বানপানীৰ প্ৰাকক্ষণত পৰিস্কাৰ কৰি বন্যপ্ৰাণীৰ বিচৰণৰ বাবে সুৰক্ষিত কৰাৰ লগতে ৰাষ্ট্ৰীয় পথেৰে চলাচল কৰা যান বাহন আৰু যাত্ৰীৰ মাজত এক সজাগতাৰো চেষ্টা চলায় কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

********