১৫ এপ্ৰিলৰ পৰা পুনৰ চলিব পাৰে ৰে’ল, ৪ ঘণ্টা পূৰ্বে পাব লাগিব ষ্টেচন

১৫ এপ্ৰিলৰ পৰা পুনৰ চলিব পাৰে ৰে’ল, ৪ ঘণ্টা পূৰ্বে পাব লাগিব ষ্টেচন
১৫ এপ্ৰিলৰ পৰা পুনৰ চলিব পাৰে ৰে’ল

লকডাউনৰ বাবে বন্ধ হৈ থকা ৰে’লৰ চলাচল ১৫ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰে’লৱেই ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে আৱশ্যকীয় প্ৰট’কল প্ৰস্তুত কৰিছে। নতুন প্ৰট’কল মতে, যাত্ৰীয়ে ৰে’লৰ নিৰ্ধাৰিত সময়তকৈ চাৰি ঘণ্টা পূৰ্বে ষ্টেচন পাব লাগিব। ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে সকলো যাত্ৰীৰ হ’ব থাৰ্মেল স্ক্ৰীণিং। থাৰ্মেল স্ক্ৰীণিঙত পাছকৰা লোককহে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব। যিসকল যাত্ৰীৰ জ্বৰ, কাহ, চৰ্দি থাকিব তেওঁলোকক তযাত্ৰাৰ বাবে অনুমতি দিয়া নহ’ব।

ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, ১৫ এপ্ৰিলৰ পৰা সংৰক্ষিত নন এচি শ্লিপাৰ শ্ৰেণীত যাত্ৰা কৰাৰ বাবে অনুমতি দিয়া হ’ব। ৰে’লত নাথাকিব এচি দবাৰ লগতে অসংৰক্ষিত শ্ৰেণীত যাত্ৰাৰ কৰাৰ অনুমতি। ইমানেই নহয়, ৰে’লৱে ষ্টেচনত কেৱল নন এচি শ্লিপাৰ শ্ৰেণীত টিকটসংৰক্ষণ কৰা লোককহে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব। ষ্টেচনত প্লেটফৰ্ম টিকটৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৱেটিং টিকট থকাসকলকো ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ’ব।