পুৱতি সাহিত্য সভা ভৱনত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন :

পুৱতি সাহিত্য সভা ভৱনত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন  : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন  :
Aiidesh photo
পুৱতি সাহিত্য সভা ভৱনত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন  : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন  :

পুৱতি সাহিত্য সভা ভৱনত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন  : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন  :

Aiidesh News  : 21st October  :

বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আজি বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু কাৰ্যনিৰ্বাহক সমিতি গঠন সভা অনুষ্ঠিত হয় ৷ বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ জালিনজা ইংতিৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত ডিফুৰ অসম বিশ্ববিদ্যালয়ৰ কেম্পাচ গোটৰ সাধাৰণ সম্পাদক চেমচন ইংতি, মুখ্য উপদেষ্টা চাৰ্কলেং ইংতিয়ে মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ উপৰিও লংচন ইংতি, পুৰ্ণ চিংগনাৰ, চাৰলং ইংতি আৰু চেচং তেৰাং আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ৷ 

আজিৰ এই অধিবেশনতে বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ পুৰ্বৰ সমিতি ভংগ কৰি পৰৱৰ্তী ২০২২ - ২৩ কাৰ্যকালৰ বাবে বৰলিহ ইংলেক সভাপতি, মিৰমিলি তেৰংপী আৰু লংকিৰী ৰংপীক উপ সভাপতি, দৰ্শন তেৰঙক সাধাৰণ সম্পাদক, জয়সিং তেৰণক সহকাৰী সম্পাদক হিচাবে লৈ নতুন কাৰ্য নিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷ নৱ গঠিত কাৰ্যনিৰ্বাহক সমিতিৰ মুখ্য উপদেষ্ঠা হিচাবে জালিনজা ইংতিক আৰু উপদেষ্টা হিচাবে লংচন ইংতি, পুৰ্ণ চিংগনাৰ আৰু চাৰ্লং ইংতি নিৰ্বাচন কৰা হয় ৷

********