বোকাখাতৰ পানবাৰীত বানাক্ৰান্ত কৃষকৰ সাহাৰ্যাৰ্থে নিজেই ট্ৰেক্টৰ চলাই কঠিয়া সিঁচে কৃষিমন্ত্ৰী অতুল বৰাই :

বোকাখাতৰ পানবাৰীত বানাক্ৰান্ত কৃষকৰ সাহাৰ্যাৰ্থে নিজেই ট্ৰেক্টৰ চলাই কঠিয়া সিঁচে কৃষিমন্ত্ৰী অতুল বৰাই  :
Aiidesh Photo

Aiidesh News : 3 July 

বোকাখাত সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ সাহাৰ্যাৰ্থে প্ৰতি বছৰৰ দৰে এইবছৰো বোকাখাতৰ পানবাৰীত থকা কৃষি পাম নিগম প্ৰংগনত কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে বোকাখাতৰ মহকুমা কৃষি বিভাগে ৷ মহকুমা কৃষি বিভাগৰ উদ্যেগত আৰু সুৰ্যমুখী আত্মসহায়ক গোটৰ সহযোগত আয়েজিত এই কঠিয়া সিঁচা অনুষ্ঠানত আজি পুৱা উপস্থিত হৈ  নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই । 

বোকাখাতৰ মহকুমাধিপতিক ডা৹ নেহা যাদৱ আৰু কৃষি বিষয়াক লগত লৈ ট্ৰেক্টৰে মাটি চহাই বোকা কৰি কঠিয়া সিঁচে মন্ত্ৰী অতুল বৰাই ৷ বোকাখাত সমষ্টিৰ বানাক্ৰান্ত ৰাইজৰ সাহাৰ্যাৰ্থে পানবাৰী কৃষি পাম নিগমৰ ২০ হেক্টৰ মাটিত আজি বাহাদুৰ চাব - ১ ধানৰ কঠিয়া সিঁচা হয় ৷ এই কঠিয়াই সমষ্টিটোৰ ২৫ হেজাৰ বানাক্ৰান্ত কৃষকৰ প্ৰায় ৭ হেজাৰ বিঘাৰো অধিক মাটিৰ কঠিয়াৰ অভাৱ পুৰণ কৰিব পাৰিব বুলি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই জনায় ৷ পুৰ্বৰ দৰে এই বাৰো বানাক্ৰান্ত কৃষকক বিনামুলীয়াকৈ এই কঠিয়াৰ যোগান ধৰা হ'ব বুলিও বিষয়া গৰাকীয়ে লগতে কয় ৷ উন্নত মানদণ্ডৰ  বাহাদুৰ চাব -১ প্ৰজাতিৰ শালি ধানৰ  কঠিয়া দীৰ্ঘদিনলৈ পানীৰ তলত থাকিলেও নষ্ট নহয় বুলি ৰঞ্জিত শৰ্মাই লগতে জানিবলৈ দিয়ে ৷

কঠিয়া সিঁচাৰ শেষত এই সমূহীয়া কঠীয়াতলিত উৎপাদন হ'বলগীয়া কঠীয়াই বোকাখাত সমষ্টিৰ বানাক্ৰান্ত কৃষকসকলৰ বাবে আশাৰ নতুন কিৰণ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ 

আজিৰ এই কঠিয়া সিঁচা কাৰ্যসূচীত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, গোলাঘাটৰ জিলা বিজেপিৰ সভাপতি  দেবপ্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেশ শইকীয়া, অসম গণ পৰিষদৰ স্থানীয় নেতৃত্ব, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত প্ৰতিনিধিসকল আৰু স্থানীয় কৃষক ৰাইজো উপস্থিত থাকে।

********