শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ পুনৰ আৰু নৱ নিৰ্মিত নামঘৰৰ দ্বাৰ উন্মোচনী আৰু প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাৰ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন : ৰাম পৰাজয়, সীতাৰ পাতাল গমন ভাওনা প্ৰদৰ্শন :
                            Aiidesh News : 7 November - 2024 :
দেশৰ আগশাৰীৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩১ সংখ্যক জিলা শাখা হিচাপে ১৯৯২ চনতে সাংগঠনিক জিলাৰ স্বীকৃতি লাভ কৰা বোকাখাত জিলা শাখাই ২০২০ চনত অনুষ্ঠিত কৰা মূল সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৰাহি পুঁজি আৰু ৰাইজৰ সহাৰ্যৰে পুনৰ নিৰ্মাণ কৰা বোকাখাতৰ ৪ নং ৱাৰ্ডত জিলা শাখাৰ নৱ নিৰ্মিত নামঘৰ যোৱা ৩ নৱেম্বৰত এক ধৰ্মীয় আৰু মাঙ্গলিক কাৰ্যসূচীৰে উন্মোচন কৰা হয় । এই কাৰ্যসূচীৰ পুৱা প্ৰাতঃপ্ৰসঙ্গৰে কাৰ্যসূচী শুভাৰম্ভ কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তৰুণ হাজৰিকাই ৷ পৰৱৰ্তী সময়ত জিলা সেৱা বাহিনীৰ দ্বাৰা নামঘৰ চৌহদ নিকাকৰণ কৰা হয় ৷ দেৱেন্দ্ৰ নাথ বৰা সোঁৱৰণী আদৰণি তোৰণ উন্মোচন কৰে তেখেতৰে সহধৰ্মিনী দেৱযানী বৰাই ৷
নামঘৰ চৌহদত কৰবেট ফাউণ্ডেচনৰ উদ্যোগত নামঘৰ প্ৰংগনত বৃক্ষ ৰোপনৰ কৰা হয় ৷ পতাকা উত্তোলন কৰে জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইঙে ৷ পুনৰ নিৰ্মিত নামঘৰৰ দ্বাৰ উন্মোচন কৰে শঙ্কৰী সাহিত্য-সংস্কৃতিৰ সাধক, প্ৰাক্তন মূলৰ সদস্য শোভন চন্দ্ৰ শইকীয়াই ৷ ইয়াৰ পিছতে জিলা শাখাৰ শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ দ্বাৰ উন্মোচন কৰে শঙ্কৰী সঙ্গীত পৰীক্ষা পৰিষদৰ পঞ্জীয়ক ৰঞ্জিত বৰাই ৷ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ কৰা নৱ নিৰ্মিত প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ উন্মোচন কৰে বয়োজ্যেষ্ঠ সঙ্গী মহেশ্বৰ হাজৰিকাই ৷ নাম-প্ৰসঙ্গ পৰিচালনা কৰে শৰণ সদস্য মহেশ্বৰ ৰাজবংশীয়ে ৷ শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বৰগীতেৰে নৱ নিৰ্মিত নামঘৰ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানৰ লগতে প্ৰথমগৰাকী মূলৰ সদস্য আৰু প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান আৰম্ভ কৰা হয় ৷ জিলা শাখাৰ সম্পাদক যতীন লইং আৰু কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ সম্পাদক চন্দ্ৰকান্ত ভূঞাই ৷ সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সঙ্ঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাই সঙ্ঘৰ যাত্ৰাত সঙ্ঘৰ এখন সংখ্যাগতভাৱে সৰু জিলা শাখা বোকাখাতৰ অৰিহণা সম্পৰ্কে বক্তব্য ৰাখে । "শঙ্কৰী সংস্কৃতি সাধনাৰ তাৎপৰ্য আৰু উদ্দেশ্য" শীৰ্ষক বিষয়ত স্মাৰক বক্তৃতা প্ৰদান কৰি আধ্যাত্মিক বাতাবৰণেৰে আপ্লুত কৰিলে শঙ্কৰী সংস্কৃতিৰ সাধক, স্মাৰক বক্তা, সঙ্ঘৰ সংস্কৃতি শাখাৰ সভাপতি পৱিত্ৰ প্ৰাণ বৰাই ৷ বোকাখাত জিলা শাখাৰ প্ৰথমগৰাকী মূলৰ সদস্য তথা প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাৰ জীৱন গৰীমা আৰু শঙ্কৰী সংস্কৃতি সাধনাৰ তাৎপৰ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য আগবঢ়ায় ।
নিশালৈ গোলাঘাট জিলাৰ মূলৰ সদস্য তথা গায়ন, বায়ন, নৰ্তন বিশাৰদ জয়ন্ত কমল বৰুৱাই উন্মোচন কৰা অচ্যুৎ বৰা পৰিয়ালবৰ্গই আগবঢ়োৱা "ৰাম পৰাজয় সীতাৰ পাতাল গমন" ভাওনা প্ৰদৰ্শন কৰা হয় ৷ ভাওঁনাৰ প্ৰাক ক্ষণত অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক, সভাৰ মুখ্য অতিথি অতুল বৰাই উপস্থিত থাকি নামঘৰ নিৰ্মাণ কাৰ্যৰ শলাগ লয় । শেষত ৰাম পৰাজয়, সীতাৰ পাতাল গমন ভাওনাৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয় ৷
********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
