যোৰহাট জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান

যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত বুধবাৰে  সমাজৰত্ন ডাঃ নবীনচন্দ্ৰ বৰদলৈ স্মৃতি সদনত এখনি সভা আয়োজন কৰা হয়।যোৰহাট জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "যোৰহাট ৰত্ন বঁটা" ২০২১ বৰ্ষৰ বাবে প্ৰসিদ্ধ শিশু সাহিত্যিক,বিজ্ঞান লেখক,"মৌচাক মামা "ৰূপে খ্যাত শান্তনু তামূলীক প্ৰদান কৰা হয়।যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্টিত কৰা এই সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই উক্ত বঁটাটি প্ৰদান কৰে"মৌচাক মামা" শান্তনু তামূলীক।অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল  অসম  সাহিত্য  সভাৰ  প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,বিশিষ্ট সাহিত্যিক ড° মালিনী আৰু অসম সাহিত্য সভাৰ  কেন্দ্ৰীয় কাৰ্যালয়ৰ  সম্পাদক ৰমানন্দন বৰাৰ লগতে বহুজন সাহিত্যপ্ৰেমী ৰাইজ।

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট