কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ :
Photo : Uttam Saikia

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ :


AIIDESH.NEWS : 10 May : 


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ বাগৰি বনাঞ্চলৰ  ভলুকাজান বিলৰ পাৰত উদ্ধাৰ হোৱা মৃত বাঘিনীজনী পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আজি বিয়লি কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত যোৱা উচ্চ পদস্থ বন বিষয়া আৰু ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰতিনিধিৰ উপস্থিতিত বিধিগত ভাৱে মৰোনোত্তৰ পৰীক্ষা কৰা হয় মৃত বাঘিনীৰ ৷ কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয়ে মৃত বাঘজনীৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ সাতদিন মান আগতেই মৃত্যু হোৱা বাঘিনীজনীৰ শৰীৰত অন্য বাঘে কৰা আক্ৰমনৰ ভালেমান চিন পোৱা হয় ৷ বিভাগীয় তথ্য মতে মত ঢেকীয়াপতীয়া বাঘিনীজনীক কাজি - ৮৩ এফ বুলি চিনাক্তকৰণ কৰে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ৷ মৰোনোত্তৰ পৰীক্ষাৰ শেষত বনাঞ্চলৰ মাজৰ ঘটনাস্থলীতেই বাঘিনীজনীক সকলোৰে উপস্থিতিত দাহ কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়ালৈকে তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হৈছে ৷