৯ এপ্ৰিলত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা

৯ এপ্ৰিলত ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা
File Photo:

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে ৯ এপ্ৰিলত পাব দৰমহা । বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা আৰু কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰে । প্ৰথমে দৰমহা কৰ্তনৰ কথা ভাৱিছিল যদিও সেই সিদ্ধান্ত কাৰ্যকৰী নকৰে । প্ৰয়োজনত ৰাজ্যিক কৰ্মচাৰীৰ পৰা ১০ৰ পৰা ২০ শতাংশ দৰমহা কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ ৫ লাখ চৰকাৰী কৰ্মচাৰীয়ে সময় মতে পাব দৰমহা । অৱশ্যে অন্ধপ্ৰদেশ, মহাৰাষ্ট্ৰ চৰকাৰে দৰমহা কৰ্তন কৰিছে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান দৰমহা পোৱাৰ পিছত প্ৰতিজন কৰ্মচাৰীয়ে ৫টা দৰিদ্ৰ পৰিয়ালক কৰক সহায়। মন্ত্ৰীগৰাকীয়ে লগতে কয়. যে,কোনো লোকে সহায় কৰিলে চৰকাৰৰ ৱেবচাইটত প্ৰকাশ কৰিব পাৰিব ফটো ।