কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান প্ৰদেশ কৃষক কংগ্ৰেছৰ সভাপতি হৰি প্ৰসাদ শইকীয়াৰ : ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব হৰি প্ৰসাদ শইকীয়া :
Aiidesh News : 22 March - 2026 :
সুদীৰ্ঘ সময় কংগ্ৰেছত কটায় কেৱল প্ৰাৰ্থীত্বৰ বাবেই ৰাইজৰ দলত যোগদান কৰে প্ৰদেশ কৃষক কংগ্ৰেছৰ সভাপতি তথা বোকাখাত নিৱাসী হৰি প্ৰসাদ শইকীয়াই । ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীত্বৰ বাবে আবেদন জনাইছিল হৰি প্ৰসাদ শইকীয়াই । হৰি প্ৰসাদ শইকীয়াৰ উপৰিও উৎপল দলে, বিজু পেগু আৰু সীমান্ত শইকীয়াও বোকাখাত সমষ্টিত দলীয় প্ৰাৰ্থীত্ব বিচাৰি প্ৰদেশ কংগ্ৰেছক আবেদন জনাইছিল । প্ৰদেশ কংগ্ৰেছে তেওঁলোকৰ আবেদনক গুৰুত্ব নিদি বোকাখাত সমষ্টি ৰাইজৰ দলক এক বিশেষ আলোচনাৰ শেষত এৰি দিছিল। যাৰ বাবে ক্ষোভিত হৈ পৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকল। এই ক্ষোভতে প্ৰদেশ কৃষক কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলো ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে হৰি প্ৰসাদ শইকীয়াই । ৰাইজৰ দলত যোগদান কৰাৰ পিচত সংবাদ মেল সম্বোধন কৰি আজি সন্ধ্যা হৰিপ্ৰসাদ শইকীয়াই বোকাখাতৰ কংগ্ৰেছ ভৱনত উপস্থিত হয় । কংগ্ৰেছ ভৱনত তেওঁক বোকাখাত ব্লক কংগ্ৰেছৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয় । ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বিধান সভাৰ নিৰ্বাবাচনৰ বাবে মিত্ৰতা স্থাপন হলেও কৃষক কংগ্ৰেছৰ সভাপতি হিচাবে হৰি প্ৰসাদ শইকীয়াই কংগ্ৰেছ দলত্যাগ কৰা কথাতো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কেনেদৰে গ্ৰহন কৰে সেয়া লক্ষনীয় হ’ব । ইফালে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে অৰাজনৈতিক সংগঠন বোকাখাত নিৰ্মান গোটৰ সভাপতি জিতেন গগৈয়ে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যেই মনোনয়ন দাখিল কৰাৰ পিচত ২৩ মাৰ্চত অগপ বিজেপি মিত্ৰ জোঁটৰহৈ অতুল বৰা আৰু বিৰুদ্ধি মিত্ৰ জোঁটৰহৈ হৰিপ্ৰসাদ শইকীয়াই মনোনয় পত্ৰ দাখিল কৰিব ।
***********



