একেদিনাই ৭৯৬ গৰাকী লেখিকাৰ ১,১১১ খন ই-গ্ৰন্থ উন্মোচনেৰে 'ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া'ৰ অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ:

একেদিনাই ৭৯৬ গৰাকী লেখিকাৰ ১,১১১ খন ই-গ্ৰন্থ উন্মোচনেৰে 'ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া'ৰ অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ:

Aiidesh News : 22 March - 2026 :

একেদিনাই ৭৯৬ লেখিকাৰ ১,১১১ ই-গ্ৰন্থ উন্মোচনেৰে 'ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া'ৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় অসমৰ এক লেখিকা সংগঠন সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে । অসমীয়া লেখিকাক উৎসাহিত কৰা আৰু অসমীয়া সাহিত্যক আগবঢ়োৱা নিয়াৰ উদ্দেশ্যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা এক ঐতিহাসিক ডিজিটেল প্ৰকাশনৰ উদ্যোগ গ্ৰহণ কৰি লেখিকা সকলক স্বৰচিত গ্ৰন্থ জমা দিবলৈ আহ্বান জনাইছিল। তদানীন্তন সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ নেতৃত্বত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে জনোৱা এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ মুঠ ৭৯৬ গৰাকী লেখিকাই স্বৰচিত ই-গ্ৰন্থ জমা দিয়ে সমিতিক । উল্লেখযোগ্য যে সকলোবোৰ ই-গ্ৰন্থ একে দিনতে 'ত্ৰাত্ৰী' নামৰ এক সংগঠনৰ উদ্যোগত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি উন্মোচন কৰা হয় । বিশেষ প্ৰযুক্তি ব্যৱস্থা যোগে ৭৯৬ গৰাকী লেখিকাৰ ১,১১১ খন ই-গ্ৰন্থৰ উন্মোচন হৈছিল । এই অসাধাৰণ কৃতিত্বৰ বাবে কলিয়াবৰ অধিৱেশনতে 'ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া'ত এক নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় সদৌ অসম লেখিকা সমাৰোহ সমিতি । শেষতিয়াকৈ 'ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া'ৰ পৰা মানপত্ৰ লাভ কৰি বোকাখাতত এই তথ্য সদৰি কৰে সমিতিৰ অন্যতম উপদেষ্টা সুৱৰ্ণ শইকীয়া বৰদলৈয়ে ।