কাজিৰঙাত ২২ জানুৱাৰীত দুটাকৈ গঁড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে : গঁড় খৰ্গ , গঁড় হত্যাত ব্যৱহৃত এ কে ৪৭ ৰাইফলৰ লগতে ১৬ জাঁই গুলীৰে সৈতে চোৰাংচিকাৰী আটক :

 

Aiidesh News. 27January 2024  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ২২ জানুৱাৰীৰ দিনা প্ৰকৃততে দুটা গঁড় হত্যা কৰিছিল চোৰাংচিকাৰীয়ে ৷ উক্ত বনাঞ্চলৰ মাকলুং বনশিৱিৰ এলেকাতে মাত্ৰ এক কিলোমিটাৰ দুৰত্বতে একে নিশাই দুটা গঁড় হত্যা কৰি খৰ্গ লৈ উধাও হৈছিল চোৰাংচিকাৰী ৷ আজি বোকাখাত আৰক্ষী থানাত আয়োজিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷ প্ৰথমটো গঁড়ৰ মৃতদেহ উদ্ধাৰৰ পিচত চলোৱা অভিযানত বনকৰ্মীয়ে দ্বিতীয়টো খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে বিষয়া গৰাকীয়ে জনায় ৷ 

আজিৰ সংবাদমেলত গোলাঘাটৰ আৰক্ষী অধীক্ষ ৰাজেন সিং, পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, উপ আৰক্ষী অধীক্ষক,  মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, বিশেষ গঁড় সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট দেৱজিত দেউৰী,সহকাৰী বন সংৰক্ষক অলক চাক্সেনা আৰু অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা উপস্থিত থাকে ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলৰ মাকলুং বনশিৱিৰ এলেকাৰ এই গঁড় হত্যাৰ ঘটনাৰ পিচত চলোৱা অভিযানত বোকাখাত আৰক্ষীয়ে যোৱা নিশা বোকাখাত মহকুমাৰ বংকোৱাল বৰবালি অঞ্চলৰ জগু গেগু নামৰ চোৰাংচিকাৰীটোক কৰায়ত্ব কৰে ৷ জগু পেগুৰ বাসগৃহৰ চৌহদৰ পৰা এটা গড়ঁৰ খৰ্গ উদ্ধাৰ কৰে অভিযানকাৰীয়ে ৷ খৰ্গটো ২২ জানুৱাৰীত অগৰাতলি বনাঞ্চলত হত্যা কৰা গঁড়জনীৰ বুলি আজি সংবাদ মেলত আৰক্ষীয়ে জনাইছে ৷ জগু পেগু বংকোৱাল বৰবালিৰ বাসিন্দা যদিও তেওঁৰ পিতৃ  বালিবৰ পেগু সম্প্ৰতি শদিয়াত বাস কৰে ৷ ইফালে এক গোপন সুত্ৰৰ আধাৰত যোৱা নিশাই বংকোৱালৰ অফলা গাওঁৰ হৰেণ কামানৰ বাসগৃহত চলোৱা অভিযানত অভিযানকাৰী দলে এটা এ কে ৪৭ বন্দুক, ১ টা মেগজিন আৰু ১৬ জাঁই সঁজীৱ গুলী উদ্ধাৰ কৰে যদিও হৰেণ কামান পলায় সাৰিবলৈ সক্ষম হয় ৷ হৰেণ কামান সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷

আজিৰ সংবাদ মেলত দিয়া তথ্যমতে অগৰাতলি বনাঞ্চলৰ বামুন গাওঁৰ একালৰ দুধৰ্ষ চোৰাং চিকাৰী শুকদেউ কুটুম আৰু ৰবীণ পেগু অগৰাতলিৰ শেষতীয়া গঁড় হত্য মুখ্য নায়ক ৷ ৰবীন পেগু পুৰ্বতে বামুন গাওঁ প্ৰথমিক বিদাযালয়ৰ শিক্ষক আছিল ৷ পূৰ্বৰ একাধিক গঁড় হত্যাৰ সৈতে জড়িত থকাৰ অপৰাধত বোকাখাত আৰক্ষীয়ে কৰায়ত্বও কৰিছি শুকদেউ কুটুম আৰু ৰবীন পেগুক ৷ জেলৰ পৰা ওলোৱাৰ পিচৰে পৰাই বামুন গাওঁ পৰিত্যাগ কৰি উত্তৰ পাৰে থাকিবলৈ লোৱা দুই দুধৰ্ষ চোৰাং চিকাৰীয়ে কাজিৰঙাত গঁড় হত্যাৰ প্ৰচেষ্টা অব্যহত ৰাখিছিল ৷ অৱশেষত হৰেণ কামান আৰু জগু পেগুৰ সহযোগত মনিপুৰৰ চিকাৰীৰ সহযোগত ২২ জানুৱাৰীত কাজিৰঙাৰ অগৰাতলিত দুটাকৈ গঁড় হত্যা কৰিছিল দুই দুধৰ্ষ চোৰাংচিকাৰীয়ে ৷ সম্প্ৰতি এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে যদিও দ্বিতীয়টো খৰ্গৰ লগতে শুকদেউ কুটুম আৰু হৰেণ কামানৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু বন বিভাগে ৷ এই সম্পৰ্কত কিবা সন্ধান পালে আৰক্ষীক অৱগত কৰিলে পুৰস্কৃত কৰা হ'ব বুলি আজিৰ সংবাদ মেলত ঘোষণা কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙে ৷

*************