গোলাঘাট পশ্চিম শিক্ষা খণ্ড, বোকাখাতৰ উদ্যোগতো আজি বোকাখাততো সমগ্ৰ শিক্ষাৰ অধীনত দিব্যাংগ ছাত্র-ছাত্রীৰ মাজত সহায়ক সঁজুলি বিতৰণ :

গোলাঘাট পশ্চিম শিক্ষা খণ্ড, বোকাখাতৰ উদ্যোগতো আজি বোকাখাততো সমগ্ৰ শিক্ষাৰ অধীনত দিব্যাংগ ছাত্র-ছাত্রীৰ মাজত সহায়ক সঁজুলি বিতৰণ :
Aiidesh Photo

Aiidesh News  : 25 March : 

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে সমগ্র শিক্ষাৰ অধীনত গোলাঘাট পশ্চিম শিক্ষা খণ্ড, বোকাখাতৰ উদ্যোগতো আজি বোকাখাততো দিব্যাংগ ছাত্র-ছাত্রীৰ মাজত সহায়ক সা-সঁজুলি বিতৰণৰ এক কাৰ্যসুচী অনুষ্ঠিত হয় ৷ বোকাখাত টাউন হাইস্কুল প্ৰাংগনত আয়োজিত আজিৰ এই অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট সমাজকর্মী জগত চন্দ্ৰ কলিতা মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ উপৰিও বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অৰুণ কুমাৰ বৰা , বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, জিলা আঁচনি বিষয়া ৰচিদা বেগম, গোলাঘাট পশ্চিম শিক্ষা খণ্ড, বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া মুকুল কোঁৱৰ আৰু কাৰ্যালয়ৰ গাননিক নিবেদিতা হাজৰিকাৰ লগতে বোকাখাত টাউন হাইস্কুলৰ অধ্যক্ষ জিতেন শইকীয়াও অংশ গ্ৰহন কৰি দিব্যাংগ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে ৷ অনুষ্ঠানত দিব্যাংগ ছাত্ৰ ছাত্ৰী,  তেওঁলোকৰ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীও উপস্থিত থাকে ৷

সমল ব্যক্তি দিপক বৈৰাগী, কবিতা ভুঞা আৰু ৰোহিনী চুতীয়াই আঁত ধৰা অনুষ্ঠানত  গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ বিভিন্ন বিদ্যালয়ৰ মুঠ ৫৫ জন দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত সহায়ক সা-সঁজুলি বিতৰণ কৰা হয় ৷

*********