যোৰহাটত বিশিষ্ট লেখিকা উৎপলা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন |

যোৰহাটত বিশিষ্ট লেখিকা উৎপলা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন |
যোৰহাটত বিশিষ্ট লেখিকা উৎপলা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন |
যোৰহাটত বিশিষ্ট লেখিকা উৎপলা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন |

কস্তুৰী প্ৰকাশনৰ উদ্যোগত যোৰহাটৰ তাৰকা গৃহৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত  হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখিকা উৎপলা বৰুৱাৰ "মধ্যাহ্নৰ  অনুৰণন" আৰু "কংক্ৰিটৰ মাজত এমুঠি সেউজ " শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয় । বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ড0 বসন্ত কুমাৰ গোস্বামীয়ে পৰিচালনা কৰা কস্তুৰী প্রকাশনৰ স্বত্বাধিকাৰ ৰেব কুমাৰ বৰাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত বন্তি প্ৰজ্বলন কৰে সাহিত্যিক পেঞ্চনপ্ৰাপ্ত দীপিকা বৰুৱাই । সভাত উৎপলা বৰুৱাৰ "মধ্যাহ্নৰ অনুৰণন" গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট লেখিকা অঞ্জনা বৰঠাকুৰে । আৰু "কংক্ৰিটৰ মাজত এমুঠি সেউজ" গ্ৰন্থ উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড0 বিপিন খঙীয়াই । সভাত বিশিষ্ট সাহিত্যিক ড0 বসন্ত কুমাৰ গোস্বামী ,যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ড0 পূৰ্ণিমা বৰুৱা , সাহিত্যিক পেঞ্চনপ্ৰাপ্ত লেখিকা দীপিকা বৰুৱা , অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত জগত বৰঠাকুৰ ,যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ড0 আদিতি বেজবৰুৱাকে প্ৰমুখ্যে কৰি বহু কেইগৰাকী বিশিষ্ট লেখক - লেখিকা উপস্থিত আছিল ।

 

যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট |