কৰ’ণা আক্ৰান্ত ৰোগীক শুশ্ৰূষা কৰি দেশৰ প্ৰায় ৫০ গৰাকী স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে কৰ’ণাত !

কৰ’ণা আক্ৰান্ত ৰোগীক শুশ্ৰূষা  কৰি দেশৰ প্ৰায় ৫০ গৰাকী স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে কৰ’ণাত !

দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক ।দেশত দৈনিক দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কৰ’ণাত আক্ৰান্ত ৰোগীক দিনে নিশাই শুশ্ৰূষা আগবঢ়োৱাত ব্যস্ত দেশৰ স্বাস্থ্যকৰ্মীসকল ।যাৰ ফলত এতিয়া মাৰাত্মক কৰ’ণাত আক্ৰান্ত হৈ পৰিছে দেশৰ প্ৰায় ৫০ গৰাকী স্বাস্থ্যকৰ্মী।চিকিত্সক, নাৰ্ছসহ পেৰামেডিকেল কৰ্মী আক্ৰান্ত হৈছে কৰ’ণাত । দিল্লীতেই বৰ্তমানলৈ ৭জন চিকিৎসক COVID-19ত আক্ৰান্ত হৈছে ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে এই কথা ।আনহাতে, AIIMSৰ এগৰাকী আৱাসিক চিকিত্সকো আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণাত ।কৰ’ণাৰ অৱস্থিতি ধৰা পৰা চিকিৎসক গৰাকীক প্ৰাইভেট ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে ।বৃহস্পতিবাৰে চিকিৎসালয়খনে আনুষ্ঠানিকভাৱে সদৰি কৰে এই তথ্য ।