বোকাখাত উপ জিলাত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত ঘোষণা : বিভাগীয় বিজ্ঞাপন :

বোকাখাত উপ জিলাত ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজপত্ৰিত ঘোষণা : বিভাগীয় বিজ্ঞাপন :
Collected

Aiidesh News : 25 February - 2024 : 

ভাৰত চৰকাৰৰ যোৱা ১২ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা চি.জি-ডি এল-ই-১৩০২২০২৪-২৫২০৩৯ নং ৰাজপত্ৰ অনুসৰী কেন্দ্ৰীয় পথ চৰকাৰৰ পৰিবহণ আৰু ৰাষ্ট্ৰীয়পথ মন্ত্ৰালয়ে বোকাখাত উপ জিলাৰ কেতবোৰ গাওঁৰ ভুমি নতুন ৰাষ্ট্ৰীয় পথ নিৰ্মান, চাৰিলেন যুক্ত পথ আদি নিৰ্মান কাৰ্যৰ বাবে প্ৰয়োজন হ'ব বুলি অৱগত কৰি অধিগ্ৰহন গোলাঘাট জিলাই এই গাওঁ বোৰৰ কিছু ভূমি অধিগ্ৰন কৰিব বুলি উল্লেখ কৰিছে ৷ ১২ ফেব্ৰুৱাৰীৰ ঘোষিত ৰাজপত্ৰ মতে ৰাজহুৱা উদ্দেশ্যৰ বাবে, তফছিলত উল্লখ কৰা বোকাখাত উপ জিলাৰ বোকাখাত তালুকৰ আহোম গাঁও, বালিজান গাঁও, বঙালী গাঁও, বৰচাপৰি বাগিছা গাঁও, বৰজুৰি বাগিছা, বৰজুৰি গাওঁ, দফলা ড’ , গেলেকী  মিকিৰ গাওঁ, গোসাঁনী বৰ, হালধীবাৰী গাঁও, হালোৱা গাঁও, হাতীখুলি বাগিছা, জোগী গাওঁ,ক’লাখোৱা,২ নং কঁহৰা গাঁও, লাতাবাৰী বাগান গাঁও, লখৌজান, মেথনি বাগিছা. ম’হমাইকী গাঁও, নং ১ শিলডুবি, , নুমলীগড় বাগিছা, নুমলীগড় টাউন, ৰজাবাৰী গাওঁ, ৰৌদুৱাৰ গাওঁ, ৰৌদুৱাৰ পথাৰ, চেপেনা কোবোৱা গাঁওৰ কিছু অংশ মাটি বহল দুটা লেন / চাৰি লেন ইত্যাদিৰ বাবে ৰক্ষণাবেক্ষণ, পৰিচালনা আৰু পৰিচালনাৰ আৰু নিৰ্মানৰ বাবে ঘোষণা কৰিছে ৷

ৰাজপত্ৰত উল্লেখিত গাওঁবোৰৰ উক্ত ভূমিৰ গৰাকীয়ে ভুমি এনে কাৰ্যত ব্যৱহাৰৰ বাবে থকা আপত্তি ৰাজপত্ৰ ঘোষণাৰ ২১ দিনৰ ভিতৰত কিবা আপত্তি থাকিলে উপযুক্ত কৰ্তৃপক্ষৰ কাষত দাখিল কৰিব লাগিব ৷ কৰ্তৃপক্ষই আপত্তিকাৰীক ব্যক্তিগতভাৱে বা আইনৰ যোগেদি এই সম্পৰ্কত শুনানিৰ সুযোগ দিব লাগিব আৰু এনে সকলো আপত্তি শুনানিৰ পিচত আৰু যদি আছে তেন্তে উপযুক্ত কৰ্তৃপক্ষই প্ৰয়োজনীয় বুলি দিয়া সিধান্তৰ পিছত আপত্তি সমূহৰ অনুমতি বা অস্বীকাৰ কৰি আইন মতে সংশ্লিষ্ট কৰ্তৃপক্ষই দিয়া যিকোনো আদেশ চূড়ান্ত হ’ব বুলি ৰাজপত্ৰত কোৱা হৈছে ৷

উল্লেখিত গাওঁ সমুহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩১৫.৩১৫ কিলোমিটাৰ পৰা ৪০৩ কিলোমিটাৰলৈ প্ৰসাৰিত হৈ আছে বুলিও ৰাজপত্ৰত কোৱা হৈছে ৷ এই সংক্ৰান্তত জাৰি অধিসূচনাৰ ভৌতিক কপি সংশ্লিষ্ট বিভাগৰ কাৰ্যালয়তো উপলব্ধ হ'ব আৰু মাটিৰ মালিক সকলে প্ৰয়োজন হ'লে উক্ত কাৰ্যালয়ত এই অধিসূচনা চাব পাৰিব বুলিও ৰাজপত্ৰত উল্লেখ কৰা হৈছে ৷ 

উল্লেখ্য যে এই ৰাজপত্ৰ প্ৰকাশৰ পিচত বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ বোকাখাত নগৰৰ বাহিৰেদি যোৱাতো নিশ্চিত হৈ পৰিছে ৷ বোকাখাত নগৰৰ মাজেদি চাৰিলেন যুক্ত পথ যাব লাগে বুলি বোকাখাতৰ জনসাধাৰণে দাবী জনাই আহিছিল যদিও শেষতীয়াকৈ বোকাখাত নগৰৰ বাহিৰেদি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথ বিচাৰি আন এখন সমিতিয়েও ৰাজহুৱা সভা অনুষ্ঠিত কৰি দাবী জনাইছিল ৷ 

**********