বোকাখাত মহকুমাৰ ৩১ খন গাওঁ প্লাবিত : ৯৫ হেক্টৰ কৃষি ভুমিৰ ক্ষতি : পৰিস্থিতি বুজ লবলৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ :

বোকাখাত মহকুমাৰ ৩১ খন গাওঁ প্লাবিত : ৯৫ হেক্টৰ কৃষি ভুমিৰ ক্ষতি : পৰিস্থিতি বুজ লবলৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ :
Janasanyog

Aiidesh News : 16 July 2023 :

উজনি অসমৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ বাবে বোকাখাতৰ ধনশিৰিমুখতো যথেষ্ট হ্ৰাস পাইছে জলপৃষ্ঠ ৷ ১৬ জুলাই দিনৰ ভাগত ধনশিৰিনুখত ব্ৰহ্মপুত্ৰ নদীৰ পানী ০.১১ মিটাৰ হ্ৰাস পাইছে যদিও বিপদ সীমাৰ ০.৮৩ মিতাৰ ওপৰতে আছে জলপৃষ্ঠ । কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ১৭ জুলাইতো হ্ৰাস পাব ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ । এনে পটভুমি ১৬ জুলাইৰ বিয়লিলৈকে বোকাখাত মহকুমাৰ ৩১ খন গাওঁ আৰু ২৬,৮২১ জন লোক প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে এই বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৯৫ হেক্টৰ কৃষি ভূমি এই বানপানীত নষ্ট হৈছে বুলি মহকুমা প্ৰশাসনে জনাইছে ৷ বানাক্ৰান্ত অঞ্চলত বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বান সাহাৰ্য,  পশু খাদ্য আদিৰ যোদান ধৰিছে ৷ মহকুমাটোত এতিয়ালৈকে আশ্ৰয় শিৱিৰ মুকলি কৰা নাই যদিও বানাক্ৰান্ত অঞ্চলৰ মুঠ ১২ স্থানত প্ৰশাসনে সাহাৰ্য সামগ্ৰী বিতৰণ কৰিছে ৷

ইফালে ১৬ জুলাইত বোকাখাত মহকুমাৰ বান পৰিস্থিতিৰ বুজ ল'বৰ বাবে যন্ত্ৰচালিত নাৱেৰে বানাক্ৰান্ত অঞ্চল ভ্ৰমন কৰে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই । বোকাখাতৰ মহকুমা প্ৰশাসনৰ বিষয় ববীয়াক লগত লৈ মন্ত্ৰী অতুল বৰাই মহকুমাটোৰ বান ক্ষতিগ্ৰস্ত মৰিয়াহোলা, যোগনীয়া, নিকৰি আদি অঞ্চল ভ্ৰমন কৰি বান ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লয় ৷ মথাউৰিত আশ্ৰয় লৈ থকা বন্যাৰ্ত ৰাইজক প্ৰশাসনে সাহাৰ্য প্ৰদান কৰা কাৰ্য আৰু পশুধন পৰ্যাপ্ত পৰিমানে লাভ কৰিছেনে নাই তাৰো তদাৰক কৰে মন্ত্ৰী অতুল বৰাই । বানাক্ৰান্তৰ জনসাধাৰণৰ উপৰিও পৰ্যাপ্ত পৰিমাণে পশুখাদ্য যোগান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে, যাতে খাদ্যৰ অভাৱত পশুধনৰ হানি হব লগা নহয় । বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অতুল বৰাৰ লগত অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ  ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱ, বোকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক দত্ত প্ৰমুখ্যে মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে ।

********