মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ,সাংবাদিক ভৱেশ শইকীয়াক বোকাখাত জিলা মইনা পাৰিজাতৰ সম্বৰ্ধনা :

মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ,সাংবাদিক ভৱেশ শইকীয়াক বোকাখাত জিলা মইনা পাৰিজাতৰ সম্বৰ্ধনা  :
Photo : Uttam Saikia

 AIIDESH NEWS. 10 July :

বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ , জেষ্ঠ সাংবাদিক, আসাম প্ৰেছ ক'ৰেচপন্ডেন্টচ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি তথা চুতীয়া জাতি সন্মিলনৰ বোকাখাত জিলা সমিতিৰ মুখ্য উপদেষ্টা ভৱেশ শইকীয়াক আজি বোকাখাত জিলা মইনা পাৰিজাতৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে শিশু কল্যান আৰু উত্তৰণৰ বাবে আজীৱন কাম কৰি অহা ভৱেশ শইকীয়াক সদৌ অসম মইনা পাৰিজাতে সংগঠনটোৰ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিশু বন্ধু উপাধি প্ৰদান কৰিছে । ভৱেশ শইকীয়াই  ষাঠি দশকৰে পৰাই শিশু সকলৰ উন্নয়নৰ বাবে  অৰিহণা আগবঢ়াই অহাৰ লগতে বোকাখাতৰ অনাথ আশ্ৰম, বোকাখাত মইনা পাৰিজাত প্ৰতিষ্ঠাৰ উপৰিও বহু অনুষ্ঠান প্ৰতিষ্ঠান সৈতে সক্রিয়ভৱে জড়িত হৈ অৱদান আগবঢ়াই আহিছে । আজি তেখেতৰ বাসগৃহত আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত  বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন , কাৰ্যকৰী সভাপতি সুৰেন্দ্ৰ নাথ গগৈ , ৰাজ্যিক সদস্য অনন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক ডালিমী সন্দিকৈ গগৈয়ে মানপত্ৰ , সঁফুৰা আৰু ফুলাম গামোছাৰে ভৱেশ শইকীয়াক শিশু বন্ধু উপাধিৰ বাবে সম্বৰ্ধনা জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷