কৃষি মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত বানপীড়িত কৃষকৰ গো-বাটত চাহ বাগান কৰ্তৃপক্ষৰ কাঁটা তাঁৰৰ বেৰা : তীব্ৰ উত্তেজনা : সমস্যা সমাধানৰ দাবীত জীপাল কৃষক শ্ৰমিক সংঘৰ স্মাৰক পত্ৰ প্ৰদান :

কৃষি মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত বানপীড়িত কৃষকৰ গো-বাটত চাহ বাগান কৰ্তৃপক্ষৰ কাঁটা তাঁৰৰ বেৰা :  তীব্ৰ উত্তেজনা :  সমস্যা সমাধানৰ দাবীত জীপাল কৃষক শ্ৰমিক সংঘৰ স্মাৰক পত্ৰ প্ৰদান  :
Aiidesh Photo

Aiidesh News : 2 August 2023 : 

বাৰিষাৰ বৰষুণ আৰু বানপানীৰ কৱলত পৰা কৃষি মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত পশু খাদ্যৰ অভাৱত ভুগিব লগা হৈছে সৰ্বসাধাৰন কৃষক সকল ৷ সমষ্টিতোৰ উত্তৰ দিশত থকা ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে নদীপৰীয়া অঞ্চল প্লাৱিত কৰিলে সাধাৰণতে পশুধনৰ খাদ্যক লৈ সমস্যাত পৰে নদীপৰীয়া কৃষক সকল ৷ ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই সংকেত সীমা অতিক্ৰম কৰিলেই চাপৰিৰ লগতে চৰনীয়া পথাৰ সমুহ প্লাৱিত হোৱাৰ বাবে খাদ্য সংকটত পৰিব লগা হয় কৃষকৰ পশুধন ৷ এই সময়ত কৃষিমন্ত্ৰীৰ নিৰ্দেশত পশুখাদ্য বিতৰণ কৰা হয় যদিও কাৰ্যত: এপাচি শাকত এটা জালুকৰ দৰে পৰিস্থিতিৰহে সৃষ্টি হয় ৷ যাৰ বাবে পশুধনৰ খাদ্যৰ সন্ধানত নদীপৰীয়া কৃষকে বোকাখাত নগৰৰ দক্ষিণে থকা কাৰ্বি পাহাৰৰ পাদদেশলৈ পশুধনৰ জাক বোৰক লৈ যায় ৷ এইয়া আজিৰ ঘটনা নহয় ৷ শতিকা জুৰি চলি অহা এই কাৰ্য এতিয়া এক পৰম্পৰা ৷ 

কাজিৰঙা কাৰ্বি আংলং ইনটাংকি হস্তী দণ্ডিতে থকা কোম্পানী মালিকাধীন একাধিক চাহ বাগিছাৰ মাজৰ গো বাটেদিয়েই বোকাখাতৰ কৃষকে বাৰিষা তেওঁলোকৰ পশুধনক কাৰ্বি পাহাৰৰ পাদদেশৰ চৰনীয়া পথাৰলৈ চ'ৰাবলৈ নিয়ে ৷ কিন্তু শেষতীয়াকৈ এই চাহ বাগিছাবোৰে এই গো বাট বোৰ কাটা তাঁৰৰ বেৰা দি বন্ধ কৰি দিয়াত সমস্যাত পৰিছে কৃষক আৰু দৰিদ্ৰ গোপালক সকল ৷ বিগত সময়ত কাৰ্বিপাহাৰৰ পাদদেশৰ হাতী দণ্ডিতে থকা এই চাহ বাগিছাবোৰৰ কৰ্তৃপক্ষই  কাৰ্বি পাহাৰলৈ গৰু ম'হ চৰাবলৈ যোৱা গো বাট আৰু পথ বোৰত কাঁটা তাঁৰ দি বেৰা দিয়া ঘটনাই সম্প্ৰতি বোকাখাতৰ দ-পীড়িত   ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি কৰি এক তীব্ৰ উত্তেজনাৰো সৃষ্টি কৰিছে । 

কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি হলেও বাৰিষা বোকাখাতৰ কৃষকক পৰ্যাপ্ত পৰিমানে পশুখাদ্য যোগান দিয়াত একেবাৰেই ব্যৰ্থ হৈছে বুলি অভিযোগ তুলিছে বোকাখাতৰ  জীপাল কৃষক- শ্ৰমিক সংঘই ৷ ইফালে পুৰ্বৰে পৰা কাৰ্বি পাহাৰৰ পাদদেশলৈ খাদ্যৰ সন্ধানত গৰু ম'হ বোৰক লৈ যোৱা পথতো এতিয়া বাগিছা কৰ্তৃপক্ষই বাধা দিয়াৰ কাৰ্যত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে সংগঠনটোয়ে ৷ এইক্ষেত্ৰত বাগিছাবোৰৰ এনে কাৰ্যক বোকাখাতৰ কৃষকৰ বাবে অপমান বুলি অভিহিত কৰি জীপাল কৃষক- শ্ৰমিক সংঘই ২ আগষ্টত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰি বাগিছাবোৰৰ এনে কাৰ্য বন্ধ কৰাবৰ বাবে দাবী জনায় ৷

হস্তী দণ্ডিত নীতিবৰ্হিভুত ভাৱে চাহ বাগিছা সম্প্ৰসাৰণ কৰা ডিফলু আৰু নাহৰজান চাহ বাগিছাৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কৈফিয়ৎ তলব কৰি বিগত সময়চোৱাত কাৰ্বি পাহাৰ খহাই কিমান হেক্টৰ ভূমিত বাগান নিৰ্মান কৰিলে তাৰ তথ্য ৰাজহুৱা কৰিবৰ বাবেও দাবী জনায় । উল্লেখিত ঘটনাৰ সন্দৰ্ভত বোকাখাতৰ প্ৰশাসনে শীঘ্ৰেই ত্ৰিপাক্ষিক আলোচনাৰে সমস্যাৰ স্থায়ী সমাধান কৰিবৰ বাবে দাবী কৰে বোকাখাতৰ জীপাল কৃষক- শ্ৰমিক সংঘই । লগতে ইয়াৰ অন্যথাই ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হোৱাৰ কথাও উল্লেখ কৰে জীপাল কৃষক শ্ৰমিক সংঘই ৷ 

**********