মহাৰাষ্ট্ৰৰ অম্বেৰনাথ শিৱ মন্দিৰ চিত্ৰ মহোৎসৱত উত্তম শইকীয়াৰ আলোকচিত্ৰৰ প্ৰদৰ্শন :

Aiidesh News. 22 March  :

মুম্বাইৰ অম্বেৰনাথত অনুষ্ঠিত হোৱা শিৱ মন্দিৰ চিত্ৰ মহোৎসৱত দেশৰ আগশাৰীৰ ১০ গৰাকী ফটোগ্ৰাফাৰ আৰু চিত্ৰ শিল্পীৰ ১০০ খন ফটোগ্ৰাফ প্ৰদৰ্শিত হোৱাৰ লগতে অসমৰ উত্তম শইকীয়াৰ ১০ খন বন্যপ্ৰাণী আলোকচিত্ৰও প্ৰদৰ্শিত হৈছে ৷ উল্লেখ্য যে উত্তম শইকীয়া এই চিত্ৰ মহোৎসৱত অংশ গ্ৰহন কৰা উত্তৰ পুৰ্বাঞ্চলৰ একমাত্ৰ ফটোগ্ৰাফাৰ ৷ মহোৎসৱৰ সকলোবোৰ শিল্প কলা সংগ্ৰহ আৰু পৰিৱেশন কৰিছিল দেশৰ ভি আৰ উন্নয়ন আৰু মেটাভাৰচ প্ৰযুক্তিৰ আগশাৰীৰ প্ৰতিষ্ঠান মেটাভিয়ানে ৷

মুম্বাইৰ আগশাৰীৰ অনুষ্ঠান লাইট এণ্ড চেডৰ সৌজ্যনত আৰু ড৹ শ্ৰীকান্ত চিন্দে ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত আয়োজিত অম্বেৰনাথ চিত্ৰ মহোৎসৱ ১৬ মাৰ্চত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ৷ ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈকে চলা এই চিত্ৰ মহোৎসৱত দেশৰ আগশাৰীৰ চিত্ৰশিল্পী আৰু ফটোগ্ৰাফাৰৰ উপৰিও অনুৰাধা পড়োৱাল, শংকৰ মহাদেৱন, অমৃত ত্ৰিবেদী, মোহিত চৌহান, ৰাকেশ চৌৰাচিয়া, বলিউডৰ অভিনেতা সুনীল চেট্টিৰ দৰে প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় কণ্ঠশিল্পী আৰু অভিনেতাই অনুষ্ঠান পৰিৱেশন কৰে ৷ জনসাধাৰণৰ বিপুল দাবীৰ বাবে এই চিত্ৰ মহোৎসৱ ২০ মাৰ্চলৈকে অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্য যে ড০ শ্ৰীকান্ত চিন্দে মহাৰাষ্ট্ৰৰ কল্যান লোকসভাৰ সদস্য আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ পুত্ৰ ৷

মহাৰাষ্ট্ৰৰ অম্বেৰনাথত পুৰ্বৰে পৰাই পৰম্পৰাগত ভাৱে এই মহোৎসৱত অনুষ্ঠিত হৈ আহিছিল যদিও ২০১৫ চনৰ পৰা ড৹ শ্ৰীকান্ত চিন্দে ফাউণ্ডেচনৰ উদ্যোগত আনুষ্ঠানিক ভাৱে এই মহোৎসৱ উদযাপিত হৈ আহিছে ৷

*******