চুতীয়া জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ :

চুতীয়া জাতি ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ :
Aiidesh Photo

Aiidesh News  : 13 October 2024  :  

জনজাতিকৰনৰ দাবীত বোকাখাতত আজি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই । লগতে চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চুতীয়াৰ ঐতিহাসিক সমল আৰু কীৰ্তিচিহ্ন সংৰক্ষণ কৰা, চুতীয়াৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে বোকাখাত মহকুমা চুতীয়া জাতি ছাত্ৰ সন্থাই । বোকাখাত সদৰ চাৰিআলিত পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰে সংগঠনটোৰ কৰ্মীয়ে । বোকাখাত নগৰৰ অভিকেন্দ্ৰ পুলিচ পইন্টত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ছাত্ৰ  সংগঠনটোৱে ।

********