দেশ জুৰি ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ বিস্তৃত কাৰ্যসুচী : বোকাখাতো মহকুমা প্ৰশাসনৰ উদ্যোগত খেল' বোকাখাত শীৰ্ষক বিশেষ ক্ৰীড়ানুষ্ঠান :

দেশ জুৰি ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ বিস্তৃত কাৰ্যসুচী : বোকাখাতো  মহকুমা প্ৰশাসনৰ উদ্যোগত খেল' বোকাখাত শীৰ্ষক বিশেষ ক্ৰীড়ানুষ্ঠান  :
Aiidesh Photo
দেশ জুৰি ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ বিস্তৃত কাৰ্যসুচী : বোকাখাতো  মহকুমা প্ৰশাসনৰ উদ্যোগত খেল' বোকাখাত শীৰ্ষক বিশেষ ক্ৰীড়ানুষ্ঠান  :

 স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বোকাখাত  মহকুমা প্ৰশাসনৰ উদ্যোগত খেল' বোকাখাত শীৰ্ষক বিশেষ ক্ৰীড়ানুষ্ঠান  :

Aiidesh News : 12 August  :

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আজি খেল' বোকাখাত আৰু প্ৰতিভা- স্প্ৰেড ইয়ৰ উইং শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে । অনুষ্ঠানত বোকাখাত মহকুমাৰ বিভিন্ন্ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷

বোকাখাতৰ জে ডি এছ জি   মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত এই খেল' বোকাখাত ক্ৰীড়া কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে খেলত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি কয় যে বোকাখাতৰ বহু খেলুৱৈয়ে নিজৰ খেল প্ৰতিভা বলত কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে । এই খেল' বোকাখাত খেল' ইণ্ডিয়াৰ ক্ষুদ্ৰ সংস্কৰণ বুলি মন্তব্য কৰি তেওঁ এই অনন্য কাৰ্যসূচী আয়োজন কৰাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ লগতে সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । আদৰণি ভাষণত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে উপস্থিত সকলোকে ধন্যবাদ জনোৱাৰ লগতে আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে যুৱক-যুৱতী সকলক শুভেচ্ছা জ্ঞাপন কৰে । 

আজিৰ খেল' বোকাখাত কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, প্ৰাক্তন খেলুৱৈ আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে ।

খেল' বোকাখাত কাৰ্যসূচীৰ অন্তত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাই বোকাখাতৰ নাট্য মন্দিৰত উপস্থিত হৈ প্ৰতিভা স্প্ৰেড ইয়ৰ উইং শীৰ্ষক কাৰ্যসূচীও উদ্বোধন কৰে ।

*******