বোকাখাতৰ ডিফলু চাহ বাগিছাত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

বোকাখাতৰ ডিফলু চাহ বাগিছাত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  :
Aiidesh Photo
বোকাখাতৰ ডিফলু চাহ বাগিছাত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  :

Aiidesh News  :  17 May 2024 : 

বোকাখাতৰ ডিফলু চাহ বাগিচাৰ একাংশ  শিক্ষিত যুৱকৰ উদ্যোগত বাগিছা খনৰ পৰিচালক, বাগিছা খনৰ সমূহ শ্ৰমিক আৰু  চাহ মজদুৰ সংঘ সহযোগত ১৬ মে'ত  সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ লগতে  শৈক্ষিক উত্তৰণ, মাদক দ্ৰব্য নিবাৰণ আৰু বাগিছা খনৰ অন্যান্য বিষয়ক এখনি সভা অনুষ্ঠিত কৰে । উক্ত সভাত সভাপতিত্ব কৰে বাগিছা সংঘৰ প্রাক্তন সম্পাদক মাইলছ বাগে । সভাত ডিফলু চাহ বাগিচাৰ মুখ্য পৰিচালক বোৰহাম আহমেদ লস্কৰ, সহ-পৰিচালক, বাগিছা চিকিৎসক, কল্যান বিষয়া, বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক, চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদক, অভিভাৱক আৰু বাগিচাৰ সমূহ ৰাইজ উপস্থিত থাকে । সভাত মুখ্য পৰিচালক গৰাকীয়ে ডিফলু চাহ বাগিছাৰ ছাত্র ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে বাগিচা কৰ্তৃপক্ষৰ তৰফৰ পৰা যিমান পাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে । অনুষ্ঠানত আহ্বায়ক লেখক জ্যোতি তুৰীয়ে   ৰ’দ বৰষুণ একাকাৰ কৰি বহু কষ্টৰ বিনিময়ত শ্ৰমিক সকলে নিজ সন্তানক যিদৰে শিক্ষিত  কৰি তুলিবৰ বাবে যত্ন কৰে , ছাত্ৰ ছাত্ৰী সকলেও তেনেদৰে নিজৰ পিতৃ মাতৃৰ মুখলৈ চাই নিজকে এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হবলৈ চেষ্টা কৰিবৰ বাবে আহ্বান জনায় । অসৎ সংগ ত্যাগ কৰি মাদক দ্ৰব্য সেৱন আদিৰ  পৰা বিৰত থাকি নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবেও তেওঁ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । সভাত উদ্যোক্তা সকলৰ হৈ লেখক জ্যোতি তুৰী, প্ৰহ্লাদ ব্যাক্তি, দাৰিক কৰ্মকাৰ, কৈলাশ উৰিয়া, আনন্দ ঘটোৱাৰ, দীনেশ গাজলু উপস্থিত থাকে ।

*********